ETV Bharat / bharat

আকৌ তিনিমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ জিগনেশ মেৱানীক

author img

By

Published : May 6, 2022, 8:57 AM IST

আকৌ কাৰাবন্দী হ’ল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী (Gujarat independent MLA Jignesh Mevani) ৷ অসম আৰক্ষীৰ জালৰ পৰা মুক্ত হৈ এইবাৰ গুজৰাট আৰক্ষীৰ ৰোষত পৰিছে দলিত নেতাগৰাকী ৷ তথ্য অনুসৰি, পাঁচ বছৰৰ এটি পুৰণি গোচৰৰ আধাৰতে বৃহস্পতিবাৰে পুনৰ তিনিমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় জিগনেশ মেৱানীক (Jignesh mevani still needs to spend three months in prison) ৷

Gujarat independent MLA Jignesh Mevani
আকৌ তিনি মাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় জিগনেশ মেৱানীক

নেশ্যনেল ডেস্ক, 6 মে’ : প্ৰসংগ জিগনেশ মেৱানী ৷ পুনৰ গ্ৰেপ্তাৰ হ’ল দলিত নেতা তথা গুজৰাটৰ বিধায়কগৰাকী । পাঁচ বছৰৰ এটি পুৰণি গোচৰৰ আধাৰতে বৃহস্পতিবাৰে আকৌ তিনি মাহৰ বাবে জিগনেশ মেৱানীক প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ (Gujarat court sentences MLA Jignesh Mevani) ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেইবাটাও আপত্তিজনক টুইট কৰাৰ বাবে অনুপ কুমাৰ দে’ নামৰ এজন লোকে কোকৰাঝাৰ থানাত গোচৰ ৰুজু কৰিছিল জিগনেশ মেৱানীৰ বিৰুদ্ধে (Jignesh Mevani tweet on PM Modi) ৷ তাৰপাচতে গুজৰাটৰ পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক(Jignesh Mevani arrested) ৷

Gujarat independent MLA Jignesh Mevani
আকৌ তিনি মাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় জিগনেশ মেৱানীক

প্ৰথথমে কোকৰাঝাৰ আৰু পাছত বৰপেটাত দলিত নেতা মেৱানীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পৰা মুক্ত হৈয়ে আকৌ আইনীৰ মেৰপাকত বন্দী হ’ব লগা হৈছে গুজৰাটৰ বিধায়কগৰাকী (Jignesh Mevanis problems are becoming worse) ৷ কেৱল আইনী মেৰপাকতে নহয় তিনিমাহৰ বাবে কাৰাবন্দী হ’ব লগা হয় নেতাগৰাকী(Jignesh mevani still needs to spend three months in prison) ৷

লগতে পঢ়ক : জিগনেশ মেৱানীৰ জামিনৰ ৰায়দান সন্দৰ্ভত দিয়া পৰ্যবেক্ষণত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

তথ্য অনুসৰি, মেহছানা 'A' বিভাগৰ আৰক্ষীয়ে 2017 চনৰ জুলাই মাহত অনুমতি অবিহনে মেহছানাৰ পৰা বনসকান্থা জিলাৰ ধনেৰালৈ 'আজাদী পদযাত্ৰা' উলিয়াইছিল ৷ যাৰবাবে 2017 চনৰ 12 জুলাই অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ জে এ পাৰমাৰে ভাৰতীয় দণ্ডবিধি আইনৰ 143 ধাৰাৰ অধীনত এনচিপি কৰ্মী ৰেশ্মা পেটেল আৰু মেৱানীৰ ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চৰ কিছু সদস্যকে ধৰি মেৱানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ৷

Gujarat independent MLA Jignesh Mevani
কাৰাবন্দী হ’ল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী

আদালতে ১০ জন অভিযুক্তক 1000 টকাৰ জৰিমনাও আৰোপ কৰিছিল । সেই গোচৰৰ শুনানি গ্ৰহণ কৰিয়েই বৃহস্পতিবাৰে গুজৰাটৰ মেহছান আদালতে জিগনেশ মেৱানী আৰু ৰেশ্মা পেটেলকে ধৰি মুঠ 12 গৰাকীক দোষী সাব্যস্ত কৰে । সেই সময়ত পাতিদাৰ সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ সমৰ্থক ৰেশ্মা পেটেলে পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ সময়ত কোনো ৰাজনৈতিক দলৰ সদস্য নাছিল ।

উল্লেখ্য যে, সেই সময়ত গুজৰাটৰ আৰক্ষীয়ে দাখিল কৰা এজাহাৰখনত নাম থকা মুঠ 12 জন অভিযুক্তৰ ভিতৰত এজনৰ ইতিমধ্যে মৃত্যু হৈছে ৷ আনহাতে, এজন এতিয়াও পলাতক হৈ আছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ষড়যন্ত্ৰ কৰি মোক গ্ৰেপ্তাৰ কৰা হৈছিল : জিগনেশ মেৱানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.