ETV Bharat / city

Jignesh Mevani updates: বৰপেটাৰ গোচৰত জামিন লাভ জিগনেশ মেৱানীৰ

author img

By

Published : Apr 29, 2022, 3:44 PM IST

Updated : Apr 29, 2022, 5:26 PM IST

গুজৰাটৰ বিধায়ক তথা দেশৰ এগৰাকী আগশাৰীৰ দলিত নেতা জিগনেশ মেৱানীয়ে অৱশেষত লাভ কৰিলে জামিন (Bail granted for Jignesh Mevani) ৷ প্ৰথমে কোকৰাঝাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ আনিছিল মেৱানীক ৷ ইয়াৰ পিচত সেই গোচৰত তেওঁ জামিন লাভ কৰে যদিও বৰপেটা থানাত ৰুজু হোৱা আন এটা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল জিগনেশক (Jignesh Mevani updates)৷

bail-granted-for-jignesh-mevani-on-case-registered-in-barpeta
অপেক্ষাৰ অন্ত : অৱশেষত জামিন লাভ কৰিলে জিগনেশ মেৱানীয়ে

নিউজ ডেস্ক, 29 এপ্ৰিল: অৱশেষত বৰপেটাৰ গোচৰত জামিন লাভ কৰিলে গুজৰাটৰ বিধায়ক তথা দেশৰ এগৰাকী আগশাৰীৰ দলিত নেতা জিগনেশ মেৱানীয়ে (Jignesh Mevani granted bail) ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 294/323/353/354 নং ধাৰাত বৰপেটাৰোড আৰক্ষী থানাত ৰুজু হোৱা 81/2022 নং গোচৰৰ ভিত্তিত দ্বিতীয়বাৰৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিগনেশ মেৱানীক ৷

পোনপ্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কৰা কিছু বিতৰ্কিত টুইট সন্দৰ্ভত (Jignesh Mevani's tweet against PM Modi) কোকৰাঝাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ আনিছিল মেৱানীক ৷ ইয়াৰ পিচত সেই গোচৰত তেওঁ জামিন লাভ কৰে যদিও বৰপেটা থানাত ৰুজু হোৱা আন এটা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হয় জিগনেশক ৷

Jignesh Mevani updates: বৰপেটাৰ গোচৰত জামিন লাভ জিগনেশ মেৱানীৰ

উল্লেখযোগ্য, মেৱানীৰ এই গ্ৰেপ্তাৰক অবৈধ আখ্যা দি বিগত কেইবাটাও দিনে সমগ্ৰ দেশজুৰি কংগ্ৰেছ তথা আন বিৰোধী শক্তি সকলে প্ৰকাশ কৰিছিল সৰৱতা (Protest against Jignesh Mevani's arrest) ৷

অসমতো প্ৰদেশ কংগ্ৰেছ কমিটীৰ লগতে ৰাইজৰ দলকে ধৰি আন আন বিৰোধী শক্তি সমূহে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদত লিপ্ত হৈছিল ৷ বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰৰ নেতৃত্বত ৰাজ্যজুৰি ৰূপায়ন কৰা হৈছিল প্ৰতিবাদী কাৰ্যসূচী (Congress protest against Jignesh Mevani's arrest) ৷ স্বাভাৱিকতেই এতিয়া মেৱানীয়ে জামিন লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকল ৷

দুৰ্নীতি আৰু লবীয়ে কংগ্ৰেছ দলক ভাঙি পেলাইছে : শৰৎ বৰকটকী

Last Updated : Apr 29, 2022, 5:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.