ETV Bharat / state

ভূপেন বৰা দলৰ পৰা আঁতৰি গ’লেই দলটো ঠিক হৈ যাব : ৰূপজ্যোতি কুৰ্মী

author img

By

Published : May 6, 2022, 10:54 AM IST

Updated : May 6, 2022, 12:07 PM IST

বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ বিধায়িনী বৈঠকৰ বাবে বৰগছ ৰিজৰ্টত মন্ত্ৰী-বিধায়কৰ আগমণ । পুৱা সকলো মন্ত্ৰী বিধায়কে অংশ লয় যোগাসন কাৰ্যসূচীত । ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ দলক কটাক্ষ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi criticized Congress)।

বিজেপি মিত্ৰজোঁটৰ বিধায়ক সাংসদৰ পৰ্যালোচনা বৈঠক
বিজেপি মিত্ৰজোঁটৰ বিধায়ক সাংসদৰ পৰ্যালোচনা বৈঠক

বোকাখাত, 6 মে’ : ‘‘কংগ্ৰেছ দল কিছুদিনৰ বাবে তপস্যাত থাকক ৷ কিয়নো এই তপস্যাৰ জৰিয়তে কংগ্ৰেছ দলে বুজা উচিত তেওঁলোকৰ ক’ত ভুল হৈ আছে’’ ৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কটাক্ষ কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi criticized Congress) ৷

তেওঁ লগতে কয়-‘‘ভূপেন বৰাই নিজৰ সমষ্টিতে বাৰে বাৰে হাৰি আহিছে ৷ কাৰণ সেই সমষ্টিৰ মানুহে তেওঁক বিচৰা নাই ৷ কেৱল দেখিবলৈ ধুনীয়া হ’লেই নহ’ব, কামো ভাল কৰিব লাগিব, অন্তৰো ভাল হ’ব লাগিব ৷ সেয়ে তেওঁ কংগ্ৰেছৰ পৰা আঁতৰিলেই দলটো ভাল হৈ যাব’’ ৷

উল্লেখ্য যে, কাজিৰঙাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বিজেপি মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়কৰ বিষয়ববীয়া আৰু পৰ্যালোচনা বৈঠক(BJP review meeting held in Kaziranga) ৷ বৃহস্পতিবাৰে মন্ত্ৰী বিধায়কৰ বিষয়ববীয়া বৈঠকৰ পাছত নিশা কাজিৰঙাৰ মান্দু ৰিজৰ্টত আদৰণি সাংস্কৃতিক অনুষ্ঠান আৰু নৈশভোজৰ বাবে বিশেষ প্ৰস্তুতি চলোৱা হয় ।

বিজেপি মিত্ৰজোঁটৰ বিধায়ক সাংসদৰ পৰ্যালোচনা বৈঠক

আনকি ৰিজৰ্টখনত নৈশযাপন কৰে কেইবাজনো মন্ত্ৰী আৰু বিধায়কে । শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা বৰগছ ৰিজৰ্টত আৰম্ভ কৰা হয় মূল পৰ্যালোচনা বৈঠক(Rreview meeting of BJP led government) ৷ ইয়াৰ পূৰ্বে পুৱা যোগাসন কাৰ্যসূচী আয়োজন কৰা হয় ৷ য’ত উপস্থিত থাকে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মন্ত্ৰী অতুল বৰাকে প্ৰমুখ্য কৰি প্ৰায় সকলো মন্ত্ৰী-বিধায়ক তথা নেতা-কৰ্মী ৷

এই কাৰ্যসূচীতেই মন্ত্ৰী অতুল বৰাক কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আব্দুল ৰহিম খানৰ পদত্যাগ (EX MLA Abdur Rahim Khan quits Congress) সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত এই সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক : কাজিৰঙাত বিজেপি মিত্ৰজোঁট বিধায়ক-সাংসদৰ পৰ্যালোচনা বৈঠক

Last Updated :May 6, 2022, 12:07 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.