ETV Bharat / state

এবছৰীয়া কৰ্মৰাজিক লৈ কি ক'লে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ?

author img

By

Published : May 6, 2022, 2:31 PM IST

এবছৰীয়া কৰ্মৰাজিক লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য । মূল্যবৃদ্ধিক লৈ পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়কগৰাকী (Sorbhog MLA criticizes BJP government over price rise)। সৰভোগৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো তীব্ৰ সমালোচনা বিধায়কগৰাকীৰ ।

manoranjan
এবছৰীয়া কৰ্মৰাজিক লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য

বৰপেটাৰোড,৬ মে': সমগ্ৰ ভাৰতবৰ্ষত মূল্যবৃদ্ধিয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Price hike in India)৷ বিজেপিৰ নিজস্ব নীতিৰ ফলত সমগ্ৰ দেশখনতে মূল্যবৃদ্ধিয়ে সাধাৰণ লোকক বিপদত পেলাইছে ৷ মানুহৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী মূল্যবৃদ্ধিৰ ফলত সেইবোৰ বহুতে ক্ৰয় কৰিব পৰা নাই ৷ এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিক সম্পূৰ্ণৰূপে দোষাৰোপ কৰে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (Sorbhog MLA criticizes BJP government over price rise)৷

সৰভোগৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে বৃহস্পতিবাৰে সৰভোগৰ গড়কাপ্তানী বিভাগৰ বাংলোত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ । এই অনুষ্ঠানত বিধায়ক গৰাকীয়ে এবছৰীয়া কামকাজৰ আলোকপাত কৰাৰ সময়তে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁৰ মতে ক্ষমতাত অহাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ "এছেনচিয়েল কমোডিটিছ এক্ট-1955"(Essential commodities act) ৰ পৰা নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বাহিৰ কৰাৰ ফলত বজাৰত বস্তুৰ মূল্য নিৰ্ধাৰণৰ সুযোগটো কৰ্প'ৰেট গোষ্ঠীক এৰি দিছে । আনকি ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা ৰখা নাই বুলিও তেওঁ অভিযোগ কৰে ।

এবছৰীয়া কৰ্মৰাজিক লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য

ফলত কৰ্প'ৰেট গোষ্ঠীয়ে অবাধে বয়বস্তুৰ মূল্যবৃদ্ধি কৰিছে আৰু চৰকাৰে দূৰৈৰ পৰা নীৰৱ দৰ্শক হিচাপে পৰ্যবেক্ষণ কৰি আছে বুলিও অভিযোগ উত্থাপন কৰে বিধায়ক মনোৰঞ্জন তানুকদাৰে ৷ বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ মানুহৰ জীৱন নিৰ্বাহ অতি কষ্টকৰ হৈ পৰা বুলি উল্লেখ কৰি ইয়াৰ কাৰণে চৰকাৰৰ নীতিকেই দোষী বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে । মনোৰঞ্জন তালুকদাৰৰ মতে যাতে অবাধে বয়বস্তু সৰবৰাহ কৰিব নোৱাৰে, অবাধে বয়বস্তু মজুত কৰি ৰাখিব নোৱাৰে তাৰ বাবে এছেনচিয়েল কমোডিটিছ এক্ট-1955 ৰ অধীনত চৰকাৰ কঠোৰ হ'ব লাগিছিল ৷

চৰকাৰৰ নিয়ন্ত্ৰণ থাকিলে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ দাম এইদৰে বৃদ্ধি নহ'লহেতেন বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ ক'ভিড পৰিস্থিতিয়ে সাংঘাতিকভাৱে ক্ষতি কৰাৰ কথা দোহাৰি মানুহৰ জনমূৰি আয় অৱনমিত হৈছে বুলি উল্লেখ কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ ফলত মুদ্ৰাস্ফীতি হৈছে বুলিও কয় বিধায়ক তালুকদাৰে ৷

বিধায়কগৰাকীৰ মতে সৰভোগৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তেওঁৰ বিগত ৰাজনৈতিক জীৱনত কিছুমান অ-প্ৰাসঙ্গিক, অবাঞ্চিত, অবান্তৰ, অবাস্তৱ আৰু বুদ্ধিহীন মন্তব্য কৰিছে ৷ মন্ত্ৰী ৰণজিৎ দাসৰ শেহতীয়া কেইবাটাও বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া দিয়াৰ ইচ্ছা নাই বুলি কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক:ভূপেন বৰা দলৰ পৰা আঁতৰি গ’লেই দলটো ঠিক হৈ যাব : ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.