ETV Bharat / state

বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱত উত্তেজনা

author img

By

Published : May 6, 2022, 12:19 PM IST

আকৌ চৰ্চাত বন্ধন বেংক ৷ এইবাৰ বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱৰ কোকিলা 2 য় খণ্ডত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি (Tens in Bongaigaon in the name of collecting installments of Bandhan Bank) ।

বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱত উত্তেজনা
বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱত উত্তেজনা

বঙাইগাঁও, 6 মে’ : পুনৰ বন্ধন গোটৰ প্ৰসংগ ৷ বঙাইগাঁৱৰ কোকিলা 2 য় খণ্ডত বন্ধন বেংকৰ কিস্তি সংগ্ৰহ লৈ সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি (Tens in Bongaigaon in the name of collecting installments of Bandhan Bank)। কিস্তি সংগ্ৰহ কৰিবলৈ অহা বন্ধন বেংকৰ কৰ্মচাৰীক আৱদ্ধ কৰি ৰাখিলে স্থানীয় একাংশ ৰাইজে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, অইন দিনাৰ দৰে বৃহস্পতিবাৰেও বন্ধন বেংকৰ কৰ্মচাৰীয়ে কোকিলা ২ য় খণ্ডত কিস্তি সংগ্ৰহ কৰিবলৈ আহিছিল ৷ আনকি কেইবাগৰাকী মহিলাৰ পৰা 4,500 টকা সংগ্ৰহো কৰিছিল । কিন্তু তেনে সময়তে সেইস্থানত উপস্থিত হয় অঞ্চলটোৰ একাংশ যুৱক ৷ যুৱককেইজনে বন্ধন বেংকৰ কৰ্মচাৰীকেইজনক ঋণ সংগ্ৰহ কৰাত বাধা প্ৰদান কৰে ৷

বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱত উত্তেজনা

কিয়নো অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী(Minister Chandra Mohan Patowary)য়ে কিস্তিৰ ধন সংগ্ৰহৰ নামত ৰাইজক কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছিল ৷ মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাচতো ঋণ সংগ্ৰহৰ নামত বেংক কৰ্মচাৰীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ যাৰ ফলত অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷

আনকি অঞ্চলটোৰ স্থানীয় ৰাইজে বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে কিস্তি নিবলৈ অহা বন্ধন বেংকৰ কৰ্মচাৰীগৰাকীক ৷ কিন্তু পিছলৈ এই খবৰ বিয়পি পৰাত সেই স্থানত উপস্থিত হয় আৰু চাৰিজন বেংক কৰ্মচাৰী ৷ বেংক কৰ্মচাৰীকেইগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কিস্তি সংগ্ৰহ নকৰাৰ সন্দৰ্ভত অহা নাই নিৰ্দেশনা ৷

যাৰবাবে তেওঁলোকে পূৰ্বৰ দৰেই সংগ্ৰহ কৰিবলৈ আহিছে ঋণৰ কিস্তি ৷ আনকি, চৰকাৰৰ মন্ত্ৰীৰ নিৰ্দেশৰ পৰিৱৰ্তে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কিস্তিৰ ধন দিবলৈ কোৱা বুলিহে আজৱ মন্তব্য কৰে বন্ধন বেংকৰ কৰ্মচাৰীকেইগৰাকীয়ে ৷

লগতে পঢ়ক : বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.