ETV Bharat / bharat

Mega cross-country tour: তিনি সপ্তাহত সাত ৰাজ্য ভ্ৰমণ কৰিব অমিত শ্বাহে

author img

By

Published : May 5, 2022, 10:11 PM IST

আগন্তুক তিনি সপ্তাহত সাতখন ৰাজ্য ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah visit in sevene states) ৷ এই ভ্ৰমণৰ সময়ত তেওঁ ৰাজহুৱা, ৰাজনৈতিক আৰু চৰকাৰী অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰিব ৷ বৃহস্পতিবাৰে এইকথা জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

union-home-minister-amit-shah-to-visit-7-states-in-next-3-weeks
তিনি সপ্তাহৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ক্ৰছ-কাণ্ট্ৰী ভ্ৰমণ

নতুন দিল্লী, 5 মে' : বৃহৎ ক্ৰছ-কান্ট্ৰি ভ্ৰমণৰ অংশ হিচাপে আগন্তুক তিনি সপ্তাহত সাতখন ৰাজ্য ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah to visit 7 states in next 3 weeks)৷ এই ভ্ৰমণৰ সময়ত ৰাজহুৱা, ৰাজনৈতিক আৰু চৰকাৰী অনুষ্ঠানত সমূহত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে (Amit Shah's mega Cross-Country Tour)৷ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম বংগত উপস্থিত থকা শ্বাহে অসম, তেলেংগানা, কেৰালা, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাট আদি ৰাজ্য ভ্ৰমণ কৰিব (Political event of Amit Shah)।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, অহা ৯ আৰু ১০ মে'ত তেওঁ অসম ভ্ৰমণ কৰিব, য'ত তেওঁ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব (Anniversary of Himanta Biswa Sarma-led BJP government)৷

ইফালে ১৫ মে'ত কেৰালা ভ্ৰমণৰ সময়ত শ্বাহে বিজেপিৰ বৈঠকত উপস্থিত থাকি দলীয় নেতাসকলক সাক্ষাৎ কৰাৰ লগতে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় নেতাসকলক উৎসাহিত কৰিব ৷

আনহাতে, ২০ মে'ত দিনজোৰা কাৰ্যসূচীৰে উত্তৰাখণ্ডত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ য'ত তেওঁ চৰকাৰী আৰু দলীয় কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি কৰ্মীসকলৰ সৈতে বাৰ্তালাপত মিলিত হ'ব ৷

ইয়াৰ লগতে তেওঁ কেইবাটাও চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 21 আৰু 22 মে'ত অৰুণাচল প্ৰদেশ, 27 মে'ত মহাৰাষ্ট্ৰ, লগতে ২৮ আৰু ২৯ মে'ত গুজৰাট ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : গৃহৰাজ্য বিহাৰত 3000 কিলোমিটাৰ পদযাত্ৰা কৰিব প্ৰশান্ত কিশোৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.