ETV Bharat / bharat

পূৰ্বৰ চিপিআই(এম) চৰকাৰক সমালোচনা ত্ৰিপুৰাৰ মন্ত্ৰী সুশান্ত চৌধুৰীৰ

author img

By

Published : May 6, 2022, 10:38 AM IST

শ্ৰমিক, কৃষকসকলক পূৰ্বৰ কমিউনিষ্ট চৰকাৰে সভা বা ৰেলী আদিতহে ব্যৱহাৰ কৰিছিল । তেওঁলোকৰ হিতৰ বাবে চিন্তা কৰা নাছিল চৰকাৰে । চিপিআই(এম) চৰকাৰক সমালোচনা মন্ত্ৰী সুশান্ত চৌধুৰীৰ (Minister Sushanta Chaudhary criticizes previous CPIM govt)। ত্ৰিপুৰাৰ বৰ্তমানৰ চৰকাৰৰ দিনত শ্ৰমিক, কৰ্মচাৰীসকলৰ দায়িত্ব বাঢ়িছে । তেওঁলোকে এতিয়া সভা বা ৰেলী আদিত অংশ ল'ব নালাগে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ।

Agartala
ত্ৰিপুৰাৰ মন্ত্ৰী সুশান্ত চৌধুৰী

আগৰতলা,৬ মে' : সমাগত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন (Tripura assembly election 2022)। নিৰ্বাচনৰ প্ৰতি গুৰুত্ব দি ইতিমধ্যে বিভিন্ন দলে ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন প্ৰচেষ্টা লোৱা দেখা গৈছে । শাসকীয় বিজেপিয়েও পুনৰ শাসনলৈ অহাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ৰাজনৈতিক নেতাসকলৰ মাজত সমালোচনামূলক তীব্ৰ বাক্যবাণ শুনিবলৈ পোৱা গৈছে ।

শাসকীয় দলৰ নেতা তথা খোৱাপানী আৰু অনাময় বিভাগৰ মন্ত্ৰী সুশান্ত চৌধুৰীৰ এইবাৰ টাৰ্গেট পূৰ্বৰ চিপিআই(এম)ৰ চৰকাৰ (Minister Sushanta Chaudhary criticizes previous CPIM govt)। মন্ত্ৰীগৰাকীৰ মতে কমিউনিষ্ট চৰকাৰে শ্ৰমিক, কৃষক আদিৰ হিতৰ চিন্তা কৰা নাছিল । তেওঁলোকক কেৱল সভা বা ৰেলী আদিতহে ব্যৱহাৰ কৰা হৈছিল (Tripura Minister lashes CPIM for using workers)। ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত ত্ৰিপুৰা পাম্প অপাৰেটৰ এছ'চিয়েশ্যনৰ দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলন উদ্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

তেওঁৰ মতে খোৱাপানী আৰু অনাময় বিভাগৰ কাৰ্যালয়ৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ কামৰ পৰিসৰ বৃদ্ধি পাইছে । তেওঁলোকৰ এতিয়া আগতকৈ দায়িত্ব বাঢ়িছে । ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা পাঁচটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ভিতৰত জলজীৱন মিছন অন্যতম বুলি তেওঁ উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীৰ মতে ২০১৮ চনৰ পূৰ্বে খোৱাপানী বিতৰণৰ হাৰ আছিল ৩.২২ শতাংশ । কিন্তু বিজেপি চৰকাৰে এতিয়া ঘৰে ঘৰে খোৱাপানীৰ যোগান ধৰিবলৈ পৰিকল্পনা অব্যাহত ৰাখিছে (Jal Jeevan Mission in Tripura)। মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলত ১৯ কোটিতকৈও অধিক ঘৰ আছে আৰু এতিয়ালৈকে ৯ কোটি ঘৰত পানী যোগান ধৰা হৈছে ।

মন্ত্ৰীগৰাকীয়ে বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰশংসা কৰি কয় যে বিষয়া, অভিযন্তা আৰু শ্ৰমিকসকলে খোৱাপানী যোগান ধৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে । ঠিক তেনেদৰে এই ক্ষেত্ৰত পাম্প অপাৰেটৰসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । প্ৰায় ৪০ বছৰীয়া কাৰ্যকালত কমিউনিষ্ট চৰকাৰে শ্ৰমিক আৰু কৃষকৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ সাধাৰণ মানুহৰ কথা ভবা নাছিল বুলি তেওঁ অভিযোগ কৰে ।

সভা আৰু ৰেলীৰ বাবেহে শ্ৰমিকসকলক ব্যৱহাৰ কৰা হৈছিল । মন্ত্ৰীগৰাকীৰ মতে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত শ্ৰমিকসকলে সভা আৰু শোভাযাত্ৰাত অংশ ল'ব নালাগে কিয়নো এই চৰকাৰে আন্দোলনত বিশ্বাস নকৰে, জনসাধাৰণৰ কল্যাণতহে বিশ্বাস কৰে । সুশান্ত চৌধুৰীৰ মতে বৰ্তমানৰ পৰিস্থিতি ২০১৮ চনৰ পূৰ্বৰ পৰিস্থিতিতকৈ বহু পৃথক ।

লগতে পঢ়ক : গৃহৰাজ্য বিহাৰত 3000 কিলোমিটাৰ পদযাত্ৰা কৰিব প্ৰশান্ত কিশোৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.