ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 7, 2022, 3:01 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

আমগুৰিত আঘাতপ্ৰাপ্ত অৱস্থাত অচিনাক্ত কিশোৰ উদ্ধাৰ

শিৱসাগৰ জিলাৰ আমগুৰিৰ 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছে এটি অচিনাক্ত কিশোৰ (Unknown boy rescued at Amguri) ৷

Raid against PFI: আত্মৰক্ষাৰ স্বাৰ্থত বহু সদস্যৰ পলায়ন চুবুৰীয়া ৰাজ্যলৈ

নিষিদ্ধ ঘোষণাৰ পাছৰে পৰা পি এফ আই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে ব্যাপক অভিযান(Raid against PFI)। দেশজুৰি শংকিত নেতা-সদস্যৰ আত্মগোপন(Leaders and members Of PFI concealment)। অসমৰ বহু সদস্যৰ মেঘালয় আৰু পশ্চিম বংগলৈ পলায়নৰ সন্দেহ আৰক্ষীৰ । অব্যাহত আছে অভিযান ।

তেজস্বিতাৰ মৃত্যুত কবিতাৰে চৰকাৰক সমালোচনা ভূপেন বৰাৰ

তেজস্বিতা প্ৰসংগৰ আঁতধৰি চৰকাৰক সমালোচনা কৰি লিখা ভূপেন বৰাৰ কবিতাৰ শিৰোনাম হৈছে 'দৰ্পচূৰ্ণ' । সাংবাদিকৰ সন্মুখত পাঠ কৰিও শুনায় ভূপেন বৰাই লিখা তেজস্বিতা প্ৰসংগৰ কবিতা (APCC president Bhupen Bora wrote poem) ।

Tejashwita Barua death issue : স্বাস্থ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিলে আপে

আজিও কান্দি আছে মাজুলীয়ালে ৷ কিয়নো এক অজান পৃথিৱীলৈ গ’ল গৈ মাজুলীৰ এক উজ্বল ভৱিষ্যত ৷ প্ৰকৃততে কাৰ ভুলৰ শাস্তি পালে তেজস্বিতা বৰুৱা আৰু তেওঁৰ পৰিয়ালে ৷ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰসংগত মাজুলীত আপৰ সংবাদমেল (Aam Aadmi Party press conference in Majuli)

মণিপুৰৰ প্ৰাক্তন বিধায়কৰ বাসগৃহৰ বাহিৰত আই ই ডি বিস্ফোৰণ

পশ্চিম ইম্ফলৰ প্ৰাক্তন বিধায়ক খ’ লোকেন সিঙৰ (Former MLA Kh Loken Singh)বাসগৃহৰ বাহিৰত এটা মধ্যম-তীব্ৰতাৰ আইইডি বিস্ফোৰণ হয় (IED explosion outside ex MLAs residence)৷ বিস্ফোৰণৰ ফলত প্ৰাক্তন বিধায়ক গৰাকীৰ চৌদৰ গেট, এটা ষ্ট্ৰীট লাইট আৰু পথৰ একাংশ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় ৷

মৰাণত পুনৰ ৰে’লৰ খুন্দাত অচিনাক্ত ব্যক্তিৰ মৃত্যু

মৰাণত পুনৰ ৰে’লৰ খুন্দাত অচিনাক্ত ব্যক্তিৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ মৰাণ আৰু চেপন ৰে'ল ষ্টেচনৰ সমীপতে অৰ্ধ উলংগ অৱস্থাত ৰে'ল লাইনত উদ্ধাৰ হৈছে মৃতদেহটো (Body rescued at Moran)

ছুপ্ৰিম কোৰ্টৰ শীৰ্ষ ন্যায়াধীশৰ মাজত বিভাজন, মুখ্য ন্যায়াধীশলৈ পত্ৰ

কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে মুখ্য ন্যায়াধীশলৈ চিঠি লিখি (Union Law Ministry letter to CJI) তেওঁৰ উত্তৰাধিকাৰীৰ নাম ল'বলৈ অনুৰোধ জনাইছে । সূত্ৰত এই কথা প্ৰকাশ ।

অসম সাহিত্য সভা প্ৰাক্তন সম্পাদক অমল ৰাজখোৱালৈ শেষ শ্ৰদ্ধা

অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড৹ অমল ৰাজখোৱাৰ প্ৰতি শেষ শ্ৰদ্ধা বিভিন্নজনৰ(Dr Amal Rajkhowa dies) ৷ নশ্বৰদেহ যোৰহাটস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়লৈ লৈ অনাৰ পাছতেই সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ৷

Deepika Padukone on racism,হলীউডত বৰ্ণবাদৰ সন্মুখীন হৈছিল দীপিকা পাডুকন

পেৰিছ ফেশ্বন সপ্তাহ 2022 ৰ Louis Vuitton শ্ব'ত অংশগ্ৰহণ কৰিবলৈ পেৰিছলৈ যাত্ৰা কৰা অভিনেত্ৰী-প্ৰযোজক দীপিকা পাডুকনে শেহতীয়া এক সাক্ষাৎকাৰত হলীউডত বৰ্ণবাদৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে ।

বেৰেল বিস্ফোৰণৰ ফলত দুজন সেনা জোৱানৰ মৃত্যু

ঝান্সীৰ বাবিনা সেনাৰ ফায়াৰিং ৰেঞ্জত সেনা জোৱানসকলে বাৰুদ সোমোৱাই থকা অৱস্থাতে হঠাতে বিস্ফোৰণ হয় এটা বেৰেল (Soldiers died in barrel burst in Jhansi)৷ এই বিস্ফোৰণটোত দুগৰাকী সেনা জোৱানে কৰুণ মৃত্যুক সাৱটি লয় (Two army jawan died)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.