ETV Bharat / bharat

মণিপুৰৰ প্ৰাক্তন বিধায়কৰ বাসগৃহৰ বাহিৰত আই ই ডি বিস্ফোৰণ

author img

By

Published : Oct 7, 2022, 12:44 PM IST

পশ্চিম ইম্ফলৰ প্ৰাক্তন বিধায়ক খ’ লোকেন সিঙৰ (Former MLA Kh Loken Singh)বাসগৃহৰ বাহিৰত এটা মধ্যম-তীব্ৰতাৰ আইইডি বিস্ফোৰণ হয় (IED explosion outside ex MLAs residence)৷ বিস্ফোৰণৰ ফলত প্ৰাক্তন বিধায়ক গৰাকীৰ চৌদৰ গেট, এটা ষ্ট্ৰীট লাইট আৰু পথৰ একাংশ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় ৷

IED explosion outside ex-MLA's residence in Manipur
প্ৰাক্তন বিধায়কৰ বাসগৃহৰ বাহিৰত আই ই ডি বিস্ফোৰণ

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: মণিপুৰৰ প্ৰাক্তন বিধায়কৰ বাসগৃহৰ বাহিৰত আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে (IED explosion in Manipur)৷ আৰক্ষীয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া পশ্চিম ইম্ফলৰ প্ৰাক্তন বিধায়ক খ’ লোকেন সিঙৰ (Former MLA Kh Loken Singh)বাসগৃহৰ বাহিৰত এটা মধ্যম-তীব্ৰতাৰ আইইডি বিস্ফোৰণ হয় (IED explosion outside ex MLAs residence)৷ বিস্ফোৰণৰ ফলত প্ৰাক্তন বিধায়কগৰাকীৰ চৌদৰ গেট, এটা ষ্ট্ৰীট লাইট আৰু পথৰ একাংশ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় ৷

বৃহস্পতিবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হোৱাৰ পিছতে মণিপুৰ আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ এটা দল (Manipur Police and bomb experts arrived) ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ অৱশ্যে ঘটনাটোৰ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ৷ স্থানীয় লোকসকলৰ ভাষ্য অনুসৰি, সিঙে তেওঁৰ বাসগৃহত প্ৰৱেশ কৰাৰ ক্ষন্তেক পিছতে এই ঘটনাটো সংঘটিত হয় ৷

উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিতে চাগোলবাণ্ড আসনৰ পৰা বিধানসভা নিৰ্বাচনত জেডি(ইউ)ৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল যদিও সিং জয়ী হ’ব নোৱাৰিলে ৷ ইফালে প্ৰাক্তন বিধায়কগৰাকীয়ে সাংবাদিকক কোৱা অনুসৰি তেওঁৰ কাৰো সৈতে কোনো শত্ৰুতা নাই ৷ ঘটনা সন্দৰ্ভত তাৎক্ষণিক তদন্ত হ’ব লাগে ৷ অৱশ্যে এতিয়ালৈকে কোনেও বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷

লগতে পঢ়ক: ৰে’লৰ ট্ৰেকত দুৰ্বৃত্তই বান্ধিলে লোৰ পাইপ, কথমপি ৰক্ষা যাত্ৰীবাহী ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.