ETV Bharat / sports

টি 20 বিশ্বকাপ : ইংলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত পৰাস্ত ওমান - T20 World Cup 2024

Eng vs Oman : টি 20 বিশ্বকাপৰ 28 সংখ্যক মেচখনত 8 উইকেটৰ ব্যৱধানত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত ওমান ৷ এই বিজয়ৰ পিছতে ইংলেণ্ডৰ ৰাণ ৰেট বৃদ্ধি ৷ অৱশ্যে দলটোৰ এই বিজয়ে ছুপাৰ 8 ত প্ৰৱেশৰ আশা এতিয়াও সজীৱ কৰি ৰাখিছে ৷

T20 WORLD CUP 2024
ইংলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত পৰাস্ত ওমান (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 8:05 AM IST

স্প’ৰ্টছ ডেস্ক, 14 জুন : টি 20 বিশ্বকাপৰ এখন শেহতীয়া মেচত ইংলেণ্ডে ওমানক 8 উইকেটৰ বিনিময়ত পৰাস্ত কৰে । দলটোৰ এই বিজয়ে এতিয়াও ছুপাৰ 8 ত প্ৰৱেশৰ আশা জীয়াই ৰাখিছে ৷ আদিল ৰছিদৰ 4-11 ৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে ইংলেণ্ডে বৃহস্পতিবাৰে ওমানক 47 ৰাণতে ধৰি ৰাখিবলৈ সক্ষম হয় ৷

ইংলেণ্ডৰ হৈ ফিল চল্টে প্ৰথম দুটা বলত ছয় কোবাই, কিন্তু তৃতীয়টো বলতে খেলুৱৈগৰাকীয়ে আউট হৈ পেভিলিয়নলৈ উভতে ৷ অধিনায়ক জশ বাটলাৰৰ আঠটা বলত 24 ৰাণৰ ইনিংছটোৰ বাবে দলটোৱে মাত্ৰ 3.1 অভাৰতে দুটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 50 ৰাণ ৷

লগতে পঢ়ক: টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে 'ষ্টপ ক্লক' জৰিমনা ভৰিলে আমেৰিকাই - T20 World Cup 2024

পূৰ্বৰ তুলনাত এই মেচখনত ইংলেণ্ডৰ উন্নত প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছিল ৷ দলটোৱে তিনি পইণ্টৰ সৈতে গ্ৰুপ বিৰ তৃতীয় স্থানত উপনীত হয় । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মেচৰ পূৰ্বে ইংলেণ্ডৰ নেট ৰাণৰেট আছিল -1.800, যি এতিয়া স্কটলেণ্ডক পিছ পেলাই হৈছেগৈ +3.081 ৷

পোনতে বাটলাৰে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয় ৷ ইংলেণ্ডৰ লেগ স্পিনাৰ ৰছিদ(4) আৰু দ্ৰুত বলাৰ জোফ্ৰা আৰ্চাৰ(3) আৰু মাৰ্ক উড(3) ৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে দলটোৱে 13.2 অভাৰত ওমানক 47 ৰাণতে অলআউট কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: নিউজীলেণ্ডক পৰাস্ত কৰি চুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন ৱেষ্ট ইণ্ডিজৰ - WI Qualify for super 8 Stage

মেচখনৰ আৰম্ভণিতে ইংলেণ্ডক এটা উইকেটৰ প্ৰয়োজন আছিল, যিটো আৰ্চাৰে দ্বিতীয় অভাৰৰ দ্বিতীয় বলটোৰ জৰিয়তে দখল কৰে ৷ আৰ্চাৰে প্ৰতিপক্ষৰ প্ৰতীক আঠৱালেৰ ৰূপত এই উইকেট লাভ কৰে ৷ ইয়াৰ পিছত আৰ্চাৰে চতুৰ্থ অভাৰত ওমানৰ অধিনায়ক আকিব ইলিয়াছক ধৰাশায়ী কৰে, সেই সময়ত দলটোৰ স্ক'ৰ আছিল 16-2 । ইংলেণ্ডৰ পেচাৰসকলে সমগ্ৰ মেচখনত উৎকৃষ্ট প্ৰদৰ্শন কৰি উডে জিশান মকছুদ(1) আৰু কাশ্যপ প্ৰজাপতি(9) ৰ উইকেট দখল কৰে ৷ ছয় অভাৰৰ শেষত ওমানৰ স্ক'ৰ হয় 25-4 ৷

উল্লেখ্য যে, প্ৰজাপতি পাৱাৰ প্লেৰ অন্তিম অভাৰত আউট হয় ৷ ইয়াৰ পিছতে খালিদ কাইল(1) ক ৰছিদৰ প্ৰথমটো বলত বাটলাৰে ষ্টাম্প আউট কৰে । ৰছিদে মেহৰান খান(0), ফৈয়াজ বাট(2) আৰু কালিমুল্লাহ(5) ৰ ৰূপতো দখল কৰে উইকেট ৷ মুঠৰ ওপৰত বৃহস্পতিবাৰৰ মেচখনত ওমানৰ বেটছমেনসকলৰ বাবে একপ্ৰকাৰ মূৰৰ কামোৰণি আছিল ইংলেণ্ডৰ বলাৰসকল ৷

লগতে পঢ়ক: হেট্ৰিকেৰে টি-২০ বিশ্বকাপৰ Super 8 ত ভাৰত - T20 World Cup 2024

ৰছিদৰ পিছতে আৰ্চাৰে ছোৱেব খানক(11) আউট কৰি 3-12 আৰু উডে আয়ন খানক(1) ৰাণত আউট কৰে ৷ দেওবাৰে ইংলেণ্ডে পৰৱৰ্তী মেচখনত নামিবিয়াৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব ৷ ছুপাৰ 8 পৰ্যায়ৰ বাবে দলটোৰ অৰ্হতা এতিয়াও আছে অষ্ট্ৰেলিয়া আৰু স্কটলেণ্ডৰ মাজত ৷ যাৰ বাবে দেওবাৰৰ এই মেচখন ইংলেণ্ডৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷ যদিহে অষ্ট্ৰেলিয়াই উৎকৃষ্ট নেট ৰাণ-ৰেটৰ সৈতে পৰৱৰ্তী মেচত জয় লাভ কৰে, তেন্তে ইংলেণ্ড আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ভাৰতীয় তাৰকা খেলুৱৈৰ বিৰুদ্ধে চাপ অনুভৱ নকৰো: আমেৰিকাৰ অধিনায়ক - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.