ETV Bharat / state

Raid against PFI: আত্মৰক্ষাৰ স্বাৰ্থত বহু সদস্যৰ পলায়ন চুবুৰীয়া ৰাজ্যলৈ

author img

By

Published : Oct 7, 2022, 1:53 PM IST

Police suspect PFI members fled to Meghalaya and West Bengal
Raid against PFI: আত্মৰক্ষাৰ স্বাৰ্থত বহু সদস্যৰ পলায়ন চুবুৰীয়া ৰাজ্যলৈ

নিষিদ্ধ ঘোষণাৰ পাছৰে পৰা পি এফ আই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে ব্যাপক অভিযান(Raid against PFI)। দেশজুৰি শংকিত নেতা-সদস্যৰ আত্মগোপন(Leaders and members Of PFI concealment)। অসমৰ বহু সদস্যৰ মেঘালয় আৰু পশ্চিম বংগলৈ পলায়নৰ সন্দেহ আৰক্ষীৰ । অব্যাহত আছে অভিযান ।

গুৱাহাটী,৭ অক্টোবৰ: পি এফ আই আৰু ইয়াৰ ছাত্ৰ সংগঠন চি এফ আইৰ লগতে আন ৮টা সংগঠনক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰাৰ পাছত এই সংগঠনসমূহৰ ভালেসংখ্যক সদস্যই আত্মগোপন কৰিছে (Leaders and members Of PFI concealment)। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নিষিদ্ধ ঘোষণা কৰা এই সংগঠনসমূহৰ আটাইকেইটাৰে সাংগঠনিক ভেটি অসমত গঢ়ি উঠা নাই যদিও পি এফ আই আৰু ছাত্ৰ সংগঠন চি এফ আইৰ বহু সদস্য অসমত আছে(Central govt band PFI) ।

ৰাজ্যকেইখনৰ কেইবাখনো জিলাত আছে এই সংগঠন দুটাৰ নেতা-সদস্য । কেন্দ্ৰীয় চৰকাৰে কোনো আগজাননী নিদিয়াকৈ এই সংগঠনসমূহৰ বিৰুদ্ধে নিয়া, আইন বলৱৎকাৰী সংস্থা আৰু আৰক্ষীৰ জৰিয়তে চলোৱা অভিযানত দেশজুৰি শতাধিক নেতা-সদস্য গ্ৰেপ্তাৰ হোৱাত এতিয়া বহু সদস্যই আত্মগোপন কৰিবলৈ বাধ্য হৈছে । কেন্দ্ৰীয় চৰকাৰে এই সংগঠনসমূক নিষিদ্ধ ঘোষিত কৰাৰ পাছতেই অসমত সাংগঠনিক ভেঁটি থকা পি এফ আই বা চি এফ আইৰ সদস্যসমূহ আৰক্ষী বা নিয়াই দেখিলেই গ্ৰেপ্তাৰ কৰাৰ ভয়তে সৰ্তকতা বিধি হিচাপে অধিকাংশ সদস্যই আত্মগোপন কৰাৰ খবৰ বিশেষ সূত্ৰে গম পোৱা গৈছে ।

Police suspect PFI members fled to Meghalaya and West Bengal
Raid against PFI: আত্মৰক্ষাৰ স্বাৰ্থত বহু সদস্যৰ পলায়ন চুবুৰীয়া ৰাজ্যলৈ

আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি পি এফ আই(Popular front of india) আৰু চি এফ আই(The Campus Front of India ) সংগঠন দুটাই ৰাজ্যখনৰ অধিকাংশ জিলালৈ সাংগঠনিক ভেটি সম্প্ৰসাৰণ কৰিছিল । বিশেষকৈ মধ্য অসমৰ নগাঁও, মৰিগাঁও, নামনি অসমৰ কামৰূপ, বৰপেটা, গোৱালপাৰা, ধুবুৰী, বাক্সা, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ শোণিতপুৰ, লখিমপুৰ, বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিলৈ সাংগঠনিক ভেটি সম্প্ৰসাৰণ কৰিছিল । ইয়াৰ উপৰি আন জিলাকেইখনৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহলৈও সাংগঠনিক ভেটি সম্প্ৰসাৰণৰ প্ৰচেষ্টা বাহাল ৰাখিছিল সংগঠন দুটাই ।

Police suspect PFI members fled to Meghalaya and West Bengal
Raid against PFI: আত্মৰক্ষাৰ স্বাৰ্থত বহু সদস্যৰ পলায়ন চুবুৰীয়া ৰাজ্যলৈ

ইতিমধ্যে ‘নিয়া’ৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা কৰা পি এফ আইৰ সদস্যকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বহু গুৰুত্বপূৰ্ণ তথ্য ফাদিল হৈছে । আৰক্ষীয়ে সেই তথ্যৰ ভিত্তিত ৰাজ্যখনৰ বহু অঞ্চলত অভিযান অব্যাহত ৰাখিছে যদিও নাম পোহৰলৈ অহা কেইবাজনো সদস্যই আত্মগোপন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । চুবুৰীয়া ৰাজ্য মেঘালয় আৰু পশ্চিম বংগলৈ একাংশ সদস্যই পলায়ন কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

কিন্তু সাময়িকভাৱে পলায়ন কৰিলেও গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত বুলি আৰক্ষীৰ শীর্ষ সূত্ৰই জানিবলৈ দিছে । যিহেতু পাঁচ বছৰলৈ এই সংগঠনসমূহক নিষিদ্ধ ঘোষণা কৰা হৈছে সেয়ে পলায়ন কৰা সদস্যসকলে দীর্ঘদিনলৈ আত্মগোপন কৰি থাকিবলৈ সক্ষম নহ'ব বুলি আৰক্ষী একপ্ৰকাৰ নিশ্চিত হৈছে ।

লগতে পঢ়ক: Delhi Excise Policy case: দেশৰ তিনিখন ৰাজ্যৰ ৩৫ স্থানত ইডিৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.