ETV Bharat / bharat

Delhi Excise Policy case: দেশৰ তিনিখন ৰাজ্যৰ ৩৫ স্থানত ইডিৰ অভিযান

author img

By

Published : Oct 7, 2022, 12:08 PM IST

দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ সন্দৰ্ভত ইডিয়ে দেশৰ তিনিখন ৰাজ্যৰ ৩৫টাকৈ স্থানত অভিযান আৰম্ভ কৰিছে (ED conducting raids in 35 locations) ।

Delhi Excise Policy case : ED raids in Delhi and Punjab
Delhi Excise Policy case: ইডিৰ অভিযান তিনিখন ৰাজ্যৰ ৩৫ স্থানত

নেশ্যনেল ডেস্ক,7 অক্টোবৰ: দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত তিনিখন ৰাজ্যৰ ৩৫টাকৈ স্থানত অভিযান চলাইছে প্ৰৱৰ্তন সঞ্চালকালয়ে (ED conducting raids in 35 locations) ৷ ইডিৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা এই অভিযান বৰ্তমানেও অব্যাহত আছে দিল্লী, পঞ্জাৱ আৰু অন্ধ্ৰপ্ৰদেশত(Delhis Excise Policy Scam) ।

কেন্দ্ৰীয় সংস্থাটোৰ জিম্মাত থকা অভিযুক্ত সমীৰ মহেন্দ্ৰুক জেৰাৰ সময়তহে অভিযানকাৰী দলটোয়ে এই গোচৰত পঞ্জাৱ আৰু অন্ধ্ৰ প্ৰদেশৰ সম্পৰ্কৰ বিষয়ে অৱগত হৈছিল । হায়দৰাবাদত কেইবাটাও দলে কেলেংকাৰীৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত একাংশ নিৰ্মাতা আৰু ব্যৱসায়িক স্থানত অভিযান চলাইছে । ইয়াৰ পূৰ্বে সঞ্চালকালয়ে মহেন্দ্ৰুক গ্ৰেপ্তাৰ কৰিছিল(The Enforcement Directorate) ।

মহেন্দ্ৰু আবকাৰী নীতি কেলেংকাৰীত দ্বিতীয়টো আৰু ইডিৰ দ্বাৰা প্ৰথমটো গ্ৰেপ্তাৰ । তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এতিয়ালৈকে ইডিয়ে প্ৰায় ১০০ টা স্থানত অভিযান চলাইছে বুলি জানিবলৈ পোৱা গৈছে ।

হায়দৰাবাদৰ কোকাপেটৰ বাসিন্দা অৰুণ ৰামচন্দ্ৰ পিল্লাইয়ে মহেন্দ্ৰুৰ পৰা অভিযুক্ত জনসেৱক বিজয় নায়াৰলৈ আগবঢ়োৱাৰ উদ্দেশ্যৰে অযথা আৰ্থিক সুবিধা আদায় কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত অধিক তথ্য জনাবলৈ কোনো ইডি বিষয়াৰ লগত যোগাযোগ কৰিব পৰা হোৱা নাই । এতিয়া তদন্তকাৰী সংস্থাটোৱে ধন সৰবৰাহৰ প্ৰকৃত তথ্য জনাৰ উদ্দেশ্যৰে ডিজিটেলি প্ৰমাণ সংগ্ৰহ কৰি আছে । প্ৰৱৰ্তন সঞ্চালকালয়ে কোনোধৰণৰ সুৰুঙা নৰখাকৈ দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে আৰু অনাগত দিনতো অব্যাহত থাকিব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷

লগতে পঢ়ক: পুনৰ গণধৰ্ষণ: অচেতন অৱস্থাত উদ্ধাৰ ১৯ বছৰীয়া যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.