ETV Bharat / state

অসম সাহিত্য সভা প্ৰাক্তন সম্পাদক অমল ৰাজখোৱালৈ শেষ শ্ৰদ্ধা

author img

By

Published : Oct 7, 2022, 2:31 PM IST

অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড৹ অমল ৰাজখোৱাৰ প্ৰতি শেষ শ্ৰদ্ধা বিভিন্নজনৰ(Dr Amal Rajkhowa dies) ৷ নশ্বৰদেহ যোৰহাটস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়লৈ লৈ অনাৰ পাছতেই সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ৷

dr-amal-rajkhowa-dies
অসম সাহিত্য সভা প্ৰাক্তন সম্পাদক অমল ৰাজখোৱালৈ শেষ শ্ৰদ্ধা

যোৰহাট,7 অক্টোবৰ: অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড৹ অমল ৰাজখোৱা কালি অৰ্থাৎ 6 অক্টোবৰৰ নিশা ১১ বজাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগত আক্ৰান্ত হৈ শেষনিশ্বাস ত্যাগ কৰে (Dr Amal Rajkhowa dies)। আজি অসম সাহিত্য সভা প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীৰ নশ্বৰদেহ যোৰহাটস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়লৈ লৈ অনা হয়(Dr Amal Rajkhowa dies in JMCH) । ৰাজ্য চৰকাৰৰ হৈ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মণ আৰু অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মণে নশ্বৰদেহত পুস্পাঞ্জলি অৰ্পণ কৰাৰ লগতে শেষ শ্ৰদ্ধা জনায় ।

লগতে সাহিত্য সভাৰ বিষয়ববীয়া, আছুকে ধৰি বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠানে তেওঁ নশ্বৰদেহৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনায় । প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীৰ নশ্বৰদেহ সাহিত্য সভা কাৰ্যালয়ত আহি উপস্থিত হোৱাৰ পাছতে সাহিত্য সভাৰ কৰ্মী তথা বিষয়ববীয়াসকল শোকত ভাগি পৰে (Asam Sahitya Sabha former GS dies)।

অসম সাহিত্য সভা প্ৰাক্তন সম্পাদক অমল ৰাজখোৱালৈ শেষ শ্ৰদ্ধা

উল্লেখ্য যে, ১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা ড৹ অমল ৰাজখোৱাই কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা “অসমীয়া উপন্যাসত সামাজিক আৰু ৰাজনৈতিক চেতনা : এক সমীক্ষাত্মক অধ্যয়ন” শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ।'আদৰ্শ জীৱন সাৰথি', 'বিশ্ব উপন্যাসৰ কথা আৰু কাহিনী' (২০১৭), 'শতাব্দীৰ অভিভাষণ প্ৰসংগ', 'আধুনিক অসমীয়া ব্যাকৰণ আৰু ৰচনা'কে আদি কৰি ৩০ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰা ড৹ অমল ৰাজখোৱাই কালিদাসৰ 'ঋতুসংহাৰম্' আৰু 'চাণক্য শ্লোক' সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰিছে ৷

'মিলন তীৰ্থৰ ধ্বনি', 'The cultural heritage of Northeast India'-কে আদি কৰি বহুবোৰ গ্ৰন্থ সম্পাদনা কৰাৰ লগতে অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰৰ বাবে ৰচনা কৰিছিল বহুকেইখন ব্যাকৰণ ৷ তেখেতৰ দ্বাৰা ৰচিত ব্যাকৰণ পুথি এতিয়াও হাইস্কুল পৰ্যায়ত পাঠ্যপুথিৰূপে প্ৰচলিত হৈ আহিছে ৷ ১৯৫৮ চনৰ পৰা অসম সাহিত্য সভাৰে জড়িত হৈ ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে তিনিটাকৈ গুৰুত্বপূৰ্ণ বছৰ জাতীয় অনুষ্ঠানটিৰ নেতৃত্ব প্ৰদান কৰিছিল ডঃ ৰাজখোৱাই ৷ তেখেতৰ সাহিত্যচৰ্চা তথা সাংগঠনিক দক্ষতাৰ বাবে সভাই 'সাহিত্যপ্ৰাণ' , 'নেহৰু পুৰস্কাৰ', 'বৰাক বন্ধু সন্মান' লাভ কৰাৰ লগতে ২০০৪ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সনো লাভ কৰে ৷ সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক 'ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২১' আগবঢ়োৱা হয় ৷

লগতে পঢ়ক: Raid against PFI: আত্মৰক্ষাৰ স্বাৰ্থত বহু সদস্যৰ পলায়ন চুবুৰীয়া ৰাজ্যলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.