ETV Bharat / state

Tejashwita Barua death issue : স্বাস্থ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিলে আপে

author img

By

Published : Oct 7, 2022, 2:17 PM IST

আজিও কান্দি আছে মাজুলীয়ালে ৷ কিয়নো এক অজান পৃথিৱীলৈ গ’ল গৈ মাজুলীৰ এক উজ্বল ভৱিষ্যত ৷ প্ৰকৃততে কাৰ ভুলৰ শাস্তি পালে তেজস্বিতা বৰুৱা আৰু তেওঁৰ পৰিয়ালে ৷ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰসংগত মাজুলীত আপৰ সংবাদমেল (Aam Aadmi Party press conference in Majuli)

Etv BharatTejashwita Barua death
আজিও কান্দি আছে মাজুলীয়ালে

মাজুলী, 7 অক্টোবৰ : চৰ্চাত তেজস্বিতা বৰুৱাৰ মৃত্যু প্ৰসংগ ৷ প্ৰকৃততে কাৰ ভুলৰ বাবে মৃত্যু হ’ল তেজস্বিতা বৰুৱাৰ ৷ এই সন্দৰ্ভত শুকুৰবাৰে মাজুলীত আম আদমী পাৰ্টীয়ে আয়োজন কৰে এক সংবাদ মেলৰ (Aam Aadmi Party press conference in Majuli) ।

এই সংবাদ মেলতে আম আদমী পাৰ্টী সদস্যই তেজস্বিতা বৰুৱাৰ চিকিৎসাৰ গাফিলতিৰ উচিত তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায় ৷ লগতে মাজুলী জিলা চিকিৎসালয়ত বিশেষজ্ঞ চিকিৎসকৰ লগতে অত্যাধুনিক সা-সুবিধা প্ৰদানৰ দাবী তোলে আম আদমী পাৰ্টীৰ সদস্যসকলে ।

আজিও কান্দি আছে মাজুলীয়ালে

মাজুলী আম আদমী পাৰ্টীৰ অভিযোগ, এক মাত্ৰ চিকিৎসাৰ গাফিলতিৰ বাবে অকালতে হেৰাই গ’ল মাজুলীৰ এটি উজ্বল ভৱিষ্যত ৷ ইয়াৰ বাবে দায়ী ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীও ৷ সেয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক পদত্যাগৰ দাবী জনাই আম আদমি পাৰ্টীৰ সদস্যসকলে ।

কেৱল আম আদমী পাৰ্টীয়ে নহয়, মাজুলীৰ লগতে বহু দল সংগঠনসমূহেও তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুৰ উচিত তদন্তৰ দাবী কৰিছে ৷ আনহাতে, মাজুলীৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত তেজস্বিতা বৰুৱাৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে ৷

লগতে পঢ়ক : Tejaswita Boruah dead: প্ৰকৃততে কি হৈছিল মাজুলী জিলা চিকিৎসালয়ত

আনহাতে, তেজস্বিতাই অধ্যয়ন কৰা আইলেণ্ড একাডেমীতো শোকত ভাগি পৰিছে তেজস্বিতাৰ সহপাঠী তথা শিক্ষকবৃন্দ ৷ আজি অৰ্থাৎ শুকুৰবাৰে পুৱা বিদ্যালয়খনত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ (Pays tribute to Tejaswita Baruah) ৷

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে সকলো শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে (Tribute ceremony of Tejaswita Baruah at Island Academy) ৷ সকলোৰে মুখে মুখে এটাই কথা, এইটোৱেই হওক শেষ এনে ঘটনা । এনে যাতে পুনৰাবৃত্তি নহয় মাজুলীত ৷ তেজস্বিতাৰ দৰে ঘটনা যাতে দুনাই নহওক ৷

লগতে পঢ়ক : শোকত ম্ৰিয়মান তেজস্বিতাৰ সহপাঠী

ইফালে, এই শোকাকুল পৰিৱেশৰ মাজতে তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত হয় মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্ত (Majuli DC at Tejaswita Boruahs house)। উপায়ুক্তগৰাকীয়ে তেজস্বিতা বৰুৱাৰ পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে উক্ত ঘটনা সন্দৰ্ভত বুজ লয় (Majuli DC reaction on Tejaswita Boruah dead)।

মাজুলীৰ জিলা চিকিৎসালয়ৰ গাফিলতি আৰু দুৰ্বল আন্তঃগাঁথনিক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হোৱা সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে কয় যে, বুধবাৰৰ দিনটোত মাজুলীৰ জিলা চিকিৎসালয়খনত উপযুক্ত অক্সিজেন আছিল যদিও সমগ্ৰ বিষয়টো সম্পৰ্কে অনুসন্ধান কৰিব বুলিও তেওঁ ঘোষণা কৰে ।

লগতে পঢ়ক : তেজস্বিতাৰ বাসগৃহত উপস্থিত মাজুলীৰ জিলা উপায়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.