ETV Bharat / city

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 27, 2021, 7:07 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Pradeep Dutta Roy arrested : মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা

গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়(Controversial Bengali leader Pradeep Dutta Roy arrested ) ৷ মুখ্যমন্ত্ৰীয়ে ৰয়ক দিয়া সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা ৷

Santosh Hojai murder case : কনিষ্টবল, আৰক্ষী বিষয়াসহ ৭ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ অভিযোগত কনিষ্টবল, আৰক্ষী বিষয়াসহ ৭ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল চি আই ডিৰ(CID filed charge sheet on Santosh Hojai murder case)। ডিমা হাছাও জিলাৰ তৎকালীন আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণ হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগ । গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰ্জশ্বীট দাখিল কৰিছে চি আই ডিয়ে ।

Attempting to join ULFA-I : নাগালেণ্ড আৰক্ষীৰ জালত টীয়কৰ তিনি যুৱক

চলিত বৰ্ষৰ 20 নৱেম্বৰত নাগালেণ্ডৰ মন জিলাত অসম ৰাইফল্ছে আলফা (স্বা)ত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত কৰিছিল কৰায়ত্ব (Assam Rifles detained three youths in Nagaland's Mon district) টীয়কৰ তিনি যুৱকক ৷ শুকুৰবাৰে অসম ৰাইফল্ছে এই তিনিওজন যুৱকক চমজাই দিলে অসম আৰক্ষীৰ হাতত (handed over to assam police) ৷ সম্প্ৰতি অসম আৰক্ষীয়ে তিনিওজনকে চমজি লৈ অব্যাহত ৰাখিছে সোধ-পোচ ৷

World Disability Day: নগাঁৱত প্ৰতিবন্ধী সন্থাৰ সংবাদমেল

নগাঁৱত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন (World Disability Day Celebrate in Nagaon)ৰ ব্যাপক প্ৰস্তুতি । উন্মোচিত হ'ব স্মৰণিকা "প্ৰত্যাশা"। প্ৰতিবন্ধী শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত হ'ব সাংস্কৃতিক অনুষ্ঠান "স্নেহবন্ধন"। নগাঁৱত অনুষ্ঠিত প্ৰতিবন্ধী সন্থাৰ এক সংবাদ মেলত এই কথা সদৰি কৰিলে নগাঁও প্ৰতিবন্ধী দিৱস(Disability Day Celebrate in Nagaon ) উদযাপন সমিতি'ৰ উদ্যোক্তা সকলে ৷

DJ ৰ গানৰ তালত মতলীয়া বিয়াঘৰ: মৃত্যু উপত্যকাত পৰিণত কুকুৰা ফাৰ্ম

DJ ৰ গানত তালে তাল মিলাই নচাৰ কথা হয়তো আপোনালোকে শুনিছে বা আপুনি নিজেও এনে সংগীতৰ আমোদ লৈছে ৷ বৰ্তমান আমাৰ সমাজৰ বিবাহ-অনুষ্ঠান বোৰত খুবেই আদৰ এই DJ ৰ ৷ যুৱ-প্ৰজন্মৰ পৰা বয়সীয়াল লোকলৈকে সকলো আত্মহাৰা হৈ পৰে এই DJ ৰ গানৰ তালত ৷ কিন্তু এইবাৰ DJ ৰ গান শুনি মৃত্যু মুখত পৰিল কুকুৰা(allegations of Poultry farm affected by dj sound ) ৷ জানো আহক কেনেকৈ ক’ত সংঘটিত হ’ল এই ঘটনা ৷

Cattle smuggling in Assam: ধুবুৰীত একে নিশাই গ্ৰেপ্তাৰ 17 গো মাফিয়া

ৰাজ্য চৰকাৰৰ গো সুৰক্ষা বিধেয়ক(Assam cattle preservation bill)ক প্ৰত্যাহ্বান জনাই আন্তঃৰাষ্ট্ৰীয় গো ছিণ্ডিকেট চক্ৰ((International cow syndicate) ই বাংলাদেশলৈ পাৰ কৰি গৈছে পশুধন । শুকুৰবাৰে পুৱতি নিশা ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, ছাগলীয়া অঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৭ টাকৈ গো-মাফিয়াক(Assam police arrested livestock smugglers) । ধৃত আটাইকেইটা গো মাফিয়াক ধুবুৰী সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ৷

ধেমাজিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শুকুৰাবৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Ajycp protest against APDCL at Dhemaji)। নিয়মীয়া বিদ্যুৎ যোগানকে(demand for regular power supply) ধৰি কেইবাটাও দাবীৰে সংগঠনটোৱে ঘেৰাও কৰে ধেমাজিৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ।

Heavy rain in Tamilnadu : প্ৰবল বৃষ্টিপাতৰ বাবে তামিলনাডুৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধৰ ঘোষণা

তামিলনাডুত নেৰানেপেৰা বৰষুণ । ৰাজ্যখনৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট(Red alert issued in Tamil Nadu) । বৃষ্টিপাতৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে চৰকাৰে । শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰিব ।

Oil tanker fire incident at Burhapahar: দুৰ্ঘটনাৰ তদন্তৰ বাবে উপস্থিত আনন্দ মিশ্ৰ

সঘনাই দুৰ্ঘটনা সংঘটিত বুঢ়াপাহাৰ অঞ্চলত শুকুৰবাৰে পুনৰ এখন অইল টেংকাৰ ভষ্মীভূত (oil tanker fire incident at Burhapahar) হোৱা ঘটনাৰ তদন্তৰ বাবে বুঢ়াপাহাৰত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra visits Burhapahar)৷ ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ কাৰণ পৰ্যালোচনা কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

Whistling village of Meghalaya : প্ৰধানমন্ত্ৰীৰ বাবে বিশেষ সুহুৰি প্ৰস্তুত কংথংবাসীৰ

মেঘালয়ৰ হুইছলিং গাঁও’ (Whistling village of Meghalaya) হিচাপে খ্যাত কংথং গাঁৱৰ ৰাইজে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে সাজি উলিয়াইছে এটি বিশেষ ‘সুহুৰি’ ৷ গাঁৱখনৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত সন্মান প্ৰদৰ্শন কৰিয়েই এই বিশেষ সুহুৰিটি সাজি উলিয়াইছে কংথংবাসীয়ে (Meghalaya Village assigns a tune to honour PM Narendra Modi) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.