ভোটাৰ কাৰ্ড অবিহনে ভোটদাতাৰ বাবে বিশেষ ব্যৱস্থা - voters awareness programme

🎬 Watch Now: Feature Video

thumbnail
ভাৰতৰ নিৰ্বাচন আয়োগ (undefined)

By ETV Bharat Assamese Team

Published : April 8, 2024 at 8:56 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, ৮ এপ্ৰিল: দেশৰ প্ৰগতিৰ বাবে ভোট দিবলৈ জনোৱা আহ্বানেৰে ভাৰতৰ নিৰ্বাচন আয়োগ সাজু হৈছে । সহজ আৰু সফল ভোটাদানৰ উদ্দেশ্যে দেশজুৰি আয়োগে বিভিন্ন সজাগতা অভিযানৰ আয়োজন কৰিছে । ভোটাৰ ৰাইজে যাতে ভোট দিয়াটো সহজসাধ্য হৈ উঠে সেই লৈ সষ্টম হৈছে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকল । শেহতীয়াকৈ ভোটাৰ কাৰ্ড নথকা ভোটাৰসকলৰ বাবেও গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । যদিহে আপোনাৰ ভোটাৰ কাৰ্ড নাই, চিন্তা নকৰিব । ইয়াৰ বিকল্প ব্যৱস্থাৰ বিষয়ে ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে ।

ভোটাৰ কাৰ্ডখনৰ বিকল্প হিচাপে আন ফটো পৰিচয় পত্ৰৰ জৰিয়তেও ভোট দিব পাৰিব । ভোটাৰ কাৰ্ডৰ অবিহনে ভোটদান কৰিবলৈ যাওঁতে লগত নিবলগীয়া ফটো পৰিচয় পত্ৰকেইখন হৈছে আধাৰ কাৰ্ড, এমএনৰেগা জবকাৰ্ড, চালকৰ অনুজ্ঞা পত্ৰ, পেন কাৰ্ড, শ্ৰম মন্ত্ৰণালয়ৰ স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, বেংক পাছবুক, জি আইৰ স্মাৰ্ট কাৰ্ড,ভায়তীয় স্মাৰ্ট কাৰ্ড,ফটোৰ সৈতে পেঞ্চন নথি, কেন্দ্ৰীয়,ৰাজ্যিক, পি এছ ইউ,ৰাজহুৱা সীমিত কোম্পানীসমূহৰ ফটো থকা সেৱা পৰিচয় পত্ৰ, সাংসদ,বিধায়ক,বিধান মণ্ডলৰ সদস্যৰ বাবে চৰকাৰী পৰিচয় পত্ৰ, ভাৰত চৰকাৰৰ সামাজিক ন্যায় সৱলীকৰণ মন্ত্ৰণালয়ৰ ইউনিক ডিজেবিলিটি (ইউডিআইডি) কাৰ্ড।

লগতে পঢ়ক:তিনিচুকীয়াত নিৰ্বাচনী কাম-কাজৰ পৰা সাময়িকভাবে অব্যাহতি 3 বিষয়া-কৰ্মচাৰীক - Lok Sabha Election 2024