ETV Bharat / state

তিনিচুকীয়াত নিৰ্বাচনী কাম-কাজৰ পৰা সাময়িকভাবে অব্যাহতি 3 বিষয়া-কৰ্মচাৰীক - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

পোষ্টেল ভোটদান প্ৰক্ৰিয়াত হোৱা খেলিমেলিৰ অভিযোগত নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত তিনি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ 2 জন ভোটাৰক দিছিল দুবাৰ ভোটদানৰ সুবিধা ৷

Tinsukia district administration
তিনি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল
author img

By ETV Bharat Assamese Team

Published : April 7, 2024 at 5:00 PM IST

Updated : April 7, 2024 at 5:20 PM IST

3 Min Read
তিনিচুকীয়া জিলা আয়ুক্তৰ সংবাদমেল

তিনিচুকীয়া, 7 এপ্ৰিল : তিনিচুকীয়াত পোষ্টেল বেলট প্ৰক্ৰিয়াত হোৱা খেলিমেলিৰ অভিযোগত নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত তিনিজন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনে এজাহাৰ দাখিল কৰিছে ৷ দেওবাৰে এখন সংবাদমেলত জিলা আয়ুক্ত স্বপ্নীল পালে এই কথা সদৰী কৰিছে ৷ জিলা আয়ুক্তজনে কয় যে, 14 নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বিধানসভা সমষ্টিত শনিবাৰে ঘৰে ঘৰে পোষ্টেল বেলট যোগে ভোটগ্ৰহণৰ বাবে যোৱা দল এটিয়ে 14 টা ভোটগ্ৰহণ কৰে যদিও তেওঁলোকে 16 খন বেলট কাকত ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহে ৷ এই দলটোত মাইক্ৰো অবজাৰভাৰ হিচাপে আছিল অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক পাৰ্থ প্ৰতীম ভট্টাচাৰ্য, পোলিং বিষয়া হিচাপে তিনিচুকীয়া পলিটেকনিকৰ প্ৰৱক্তা বিষ্ণুব্ৰত হাজৰিকা আৰু তিনিচুকীয়া বিদ্যালয় উপ-পৰিদৰ্শকৰ অন্তৰ্গত সহকাৰী শিক্ষক মনজ্যোতি চেতিয়া ৷ দলটোত এজন ভিডিঅ’গ্ৰাফাৰ আৰু দুজন নিৰাপত্তাৰক্ষীও আছিল ৷

জিলা আয়ুক্তই জনোৱা অনুসৰি, অভিযুক্তৰ ভাষ্য অনুসৰি এজন 88 বছৰীয়া ভোটাৰে ভোটদান কৰাৰ পিচত ভোটদান প্ৰক্ৰিয়াৰ শুদ্ধতাৰ ওপৰত আপত্তি দৰ্শাই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত নিৰুপায় হৈ তেওঁক আন এটা বেলট ভোটদানৰ বাবে দিবলগীয়া হয় ৷ তাকে দেখি ইতিমধ্যে ভোটদান কৰা ওচৰৰে 86 বছৰীয়া আন এজন ভোটাৰেও অনুৰূপ দাবী উত্থাপন কৰি হেঁচা দিয়াত তেওঁকো নতুনকৈ আন এখন বেলটত ভোট দিয়াৰ সুবিধা দিয়ে ৷ জিলা নিৰ্বাচনী বিষয়া স্বপনীল পালে কয় যে, এয়া পদ্ধতিগতভাৱে সম্পূৰ্ণ ভুল আৰু নীতিবৰ্হিভূত ৷ শনিবাৰে সন্ধিয়া দলটোয়ে ভোটদানৰ তথ্য দাখিলৰ সময়তে এই তথ্য পোহৰলৈ অহাৰ লগে লগে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তিনিওজন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ৷

এয়া নিৰ্বাচনী অনিয়ম হিচাপে গ্ৰহণ কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে সংশ্লিষ্ট বিভাগীয় মুৰব্বী বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলিও জিলা আয়ুক্তই জানিবলৈ দিয়ে ৷ তদুপৰি পৰবৰ্তী সকলো নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা তেওঁলোকক বাৰণ কৰা হৈছে ৷ সমগ্ৰ বিষয়টোত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে অতিৰিক্ত আয়ুক্ত তথা লখিমপুৰ লোকসভা সমষ্টিৰ সহকাৰী ৰিটাৰ্নিং বিষয়া জাবেদ আৰমানক দায়িত্ব অৰ্পণ কৰা হৈছে ৷ এই কথা সদৰী কৰি জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনৰ কামত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে ৷

উল্লেখযোগ্য যে এইবেলি নিৰ্বাচন আয়োগে শাৰীৰিকভাবে বাধাগ্ৰস্ত আৰু 85 বছৰৰ উৰ্দ্ধৰ আগ্ৰহী ভোটাৰসকলক নিজৰ ঘৰৰ পৰাই পোষ্টেল বেলট যোগে আগতীয়াকৈ ভোটদানৰ সুবিধা প্ৰদান কৰিছে ৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াত এই বিসংগতিৰ সৃষ্টি হয় যদিও জিলাখনৰ আন আটাইকেইটা সমষ্টিত সুকলমে পোষ্টেল ভোটগ্ৰহণ সম্পন্ন হয় ৷ সংবাদমেলত অতিৰিক্ত আয়ুক্ত জাবেদ আৰমান, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু নিৰ্বাচন বিষয়া কংকনজ্যোতি শ‌ইকীয়াও উপস্থিত থাকে ৷

লগতে পঢ়ক : বৰপেটাত AAP ৰ সমূহীয়া উপবাস - AAP Mass Fasting Across India

Last Updated : April 7, 2024 at 5:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.