ETV Bharat / state

বৰপেটাত AAP ৰ সমূহীয়া উপবাস - AAP Mass Fasting Across India

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 3:28 PM IST

AAP's mass fast across India against Arvind Kejriwal's arrest
বৰপেটাত AAP ৰ সমূহীয়া উপবাস

AAP Mass Fasting :দেশজুৰি AAP য়ে ৰূপায়ণ কৰিছে সমূহীয়া উপবাস কাৰ্যসূচী । বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আম আদমি পাৰ্টী বৰপেটা জিলাৰ দলীয় কৰ্মীসকলে ৰূপায়ণ কৰে সমূহীয়া উপবাস কাৰ্যসূচী । বিজেপিক গণতন্ত্ৰ হত্যাকাৰী দল আখ্যা বৰপেটা জিলা AAP ৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ ।

বৰপেটাত AAP ৰ সমূহীয়া উপবাস

বৰপেটা,৭ এপ্ৰিল: সুৰা নীতি কেলেংকাৰীৰ গোচৰত দলৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেওবাৰে সমগ্ৰ দেশতে আম আদমি পাৰ্টীয়ে ৰূপায়ণ কৰে সামূহিক উপবাসৰ কাৰ্যসূচী ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তটো AAP ৰ কৰ্মকৰ্তাসকলে ৰূপায়ণ কৰে উপবাস কাৰ্যসূচী ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটাতো অৰবিন্দ কেজৰিৱালৰ বাবে আৰ্শীবাদ বিচাৰি ৰূপায়ণ কৰে সমূহীয়া উপবাস কাৰ্যসূচী । বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আম আদমি পাৰ্টী বৰপেটা জিলাৰ দলীয় কৰ্মী সকলে সমূহীয়া উপবাস পালন কৰে । দেওবাৰে পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই উপবাস কাৰ্যসূচী গ্ৰহণ কৰে আপৰ কৰ্মকৰ্তাসকলে ।

আম আদমি পাৰ্টীয়ে দেশত সততাৰ ৰাজনীতি কৰাৰ কথা উল্লেখ কৰি বিজেপিক গণতন্ত্ৰ হত্যাকাৰী দল বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বৰপেটা জিলা আম আদমি পাৰ্টীৰ সাধাৰণ সম্পাদক প্ৰনব গায়নে । তেওঁ লগতে কয় যে দলটোৰ নেতাসকল সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ কথা উচ্চতম ন্যায়ালয়তো প্ৰমাণ কৰি দেখুৱাব পৰা নাই ।

বিজেপিয়ে বাৰে বাৰে আপৰ নেতাসকলক কেলেংকাৰীত জড়িত থকা বুলি অভিহিত কৰে যদিও কোনো প্ৰমাণ আজিলৈকে দিব পৰা নাই । ভাৰতবৰ্ষৰ ৰাইজে আজি জানিব পাৰিছে যে আম আদমি পাৰ্টি ৰাইজৰ দল, সাধাৰণ নাগৰিকৰ দল । আম আদমি পাৰ্টীৰ প্ৰতিগৰাকী সততা থকা নেতাকে চি বি আই, ইডি ৰ ভয় দেখুৱাই দলীয় কাম কাজৰ পৰা বিৰত ৰখাই বিজেপিত যোগদান কৰিবলৈ হেঁচা প্ৰদান কৰি আহিছে বুলিও মন্তব্য কৰে বৰপেটা জিলা আম আদমি পাৰ্টীৰ সাধাৰণ সম্পাদক প্ৰনব গায়নে ।

লগতে পঢ়ক: অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে যন্তৰ মন্তত আপৰ সমূহীয়া উপবাস - AAP Mass Fasting Across India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.