৫ মাৰ্চত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:22 PM IST

thumbnail

গুৱাহাটী, ১ মাৰ্চ : ৫ মাৰ্চত অনুষ্ঠিত হ’ব কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ । এইবেলি এই দীক্ষান্ত সমাৰোহত মুঠ ১০,৮৮০ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰা হ’ব । শুকুৰবাৰে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷ লগতে সংবাদমেলত জানিবলৈ দিয়ে যে এই সমাৰোহত ২৮ গৰাকী শিক্ষাৰ্থীক স্বৰ্ণ পদকেৰে সন্মানিত কৰা হ’ব । আনহাতে ১৩ জনক ডক্টৰেট ডিগ্ৰী, ১৩ জনক এম ফিল, ৫,৩২২ জনক স্নাতকোত্তৰ, ৫,৪৬৪ জনক স্নাতক ডিগ্ৰী, ৬৮ জনক স্নাতকোত্তৰ ডিপ্লমা প্ৰদান কৰা হ’ব ।

উল্লেখ্য যে, এইবেলি ডিগ্ৰী প্ৰাপকৰ ভিতৰত ৫,২৮৮ গৰাকী মহিলা শিক্ষাৰ্থী আছে । এইবেলি দীক্ষান্ত সমাৰোহত ৭ জন কাৰাবাসীয়ে ডিগ্ৰী লাভ কৰিব । পাঁচ মাৰ্চৰ পুৱা ১১ বজাৰ পৰা বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা দীক্ষান্ত সমাৰোহত ডিগ্ৰী প্ৰদান কৰিব বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই । উক্ত অনুষ্ঠানতে মুখ্য অতিথি হিচাবে হাৰিয়ানা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সুষমা যাদৱ উপস্থিত থাকিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ ৩৭ সংখ্যক দীক্ষান্ত সমাৰোহ সম্পন্ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.