ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ ৩৭ সংখ্যক দীক্ষান্ত সমাৰোহ সম্পন্ন
IGNOU Convocation in Guwahati : মঙলবাৰে অনুষ্ঠিত হয় ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ ৩৭ সংখ্যক দীক্ষান্ত সমাৰোহ । এইবাৰ প্ৰথম শ্ৰেণী স্থান দখল কৰিছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীয়েও ।

Published : February 20, 2024 at 9:48 PM IST
গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : মঙলবাৰে গুৱাহাটী মহানগৰীৰ দিছপুৰ পি ডব্লিউ চেণ্টাৰত অনুষ্ঠিত হয় ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ ৩৭ সংখ্যক দীক্ষান্ত সমাৰোহ । দীক্ষান্ত সমাৰোহৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । এই অনুষ্ঠানত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়, অসম শাখাৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে দীক্ষান্ত প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ সহকাৰী আঞ্চলিক সঞ্চালকে জনোৱা অনুসৰি, গুৱাহাটীৰ উপৰি মঙলবাৰে দেশৰ ৩৯ খন আঞ্চলিক কেন্দ্ৰত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় । অসমৰ ক্ষেত্ৰত ৫,৭০৩ গৰাকী ছাত্ৰ-ছাত্ৰীক এই দীক্ষান্ত সমাৰোহত ডিগ্ৰী প্ৰদান কৰা হয় । আনহাতে, সমগ্ৰ দেশজুৰি মুঠ ৩৯ খন ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ আঞ্চলিক কেন্দ্ৰত বিভিন্ন পাঠ্যক্ৰমত মুঠ ৩,০৮,৬০৫ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী, ডিপ্ল'মা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।
ইফালে অসমৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত ৩,৬৯৭ গৰাকী শিক্ষাৰ্থী গুৱাহাটী ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় আঞ্চলিক কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২,০০৬ গৰাকী শিক্ষাৰ্থী যোৰহাট ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় আঞ্চলিক কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হৈছে । ইয়াৰ উপৰি অসমৰ পৰা দুগৰাকী শিক্ষাৰ্থীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী সঞ্জীৱ তালুকদাৰে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ লগতে 'মাষ্টাৰ অব আৰ্টছ ইন ডেভেলপমেণ্ট ষ্টাডিজ'ত (এমএডিভিএছ) উত্তীৰ্ণ হৈ ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ লাভ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :জল পৰিবহণ খণ্ডৰ বিকাশৰ বাবে 254 কোটি টকাৰ প্ৰকল্প উদ্বোধন

