তেজপুৰত আৰম্ভ হ’ল বৈদ্যুতিক বাছসেৱা, মুকলি হ’ল চাৰ্জিং পইণ্টো

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 8:35 PM IST

thumbnail

তেজপুৰ, ১৬ ফেব্ৰুৱাৰী : তেজপুৰত আজিৰে পৰা আৰম্ভ হ’ল বৈদ্যুতিক বাছ সেৱা ৷  অসম পৰিবহন নিগমৰ তিনিখন বৈদ্যুতিক বাছ চলিব তেজপুৰৰ পৰা ৷ শুকুৰবাৰে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তেজপুৰত অসমৰ তৃতীয়টো ইভি ছাৰ্ভিচ চেন্টাৰৰ শুভাৰম্ভ কৰে ৷

উল্লেখ্য যে গুৱাহাটীৰ পিচত বিশ্বনাথ আৰু তেজপুৰত এনে ইভি ৰিচাৰ্ছ চেন্টাৰ আৰম্ভ কৰা হয় ৷ আনহাতে টাটা পাৱাৰৰ সৈতে বুজাবুজি চুক্তি কৰি পৰিবহন বিভাগে ৰাজ্যত দুশটা ৰিচাৰ্জ কেন্দ্ৰ আৰম্ভ কৰিব বুলি সদৰী কৰে পৰিবহন মন্ত্ৰীয়ে ৷ তেওঁ লগতে কয় যে ৰাজ্যত বৰ্তমান ৪৫ লাখ বাহন পঞ্জীয়নভুক্ত হৈ আছে ৷ এই বাহনসমূহৰ ধোঁৱাই প্ৰদূষিত কৰিছে বায়ুমণ্ডল ৷ সেয়েহে ইলেক্ট্ৰনিক বাহনৰ প্ৰচলন কৰিলে পৰিৱেশ সুৰক্ষাৰ লগতে খৰচো কম হ’ব ৷

উল্লেখ্য যে পৰিবহন মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ ইভি ৰিচাৰ্জ পইন্টৰ পৰা এ এচ টি চি বাছ আস্থানলৈ ইলেক্ট্ৰনিক বাছত যাত্ৰা কৰে আৰু বাছ আস্থানত অধীক্ষকৰ কাৰ্যালয় ভৱনো উদ্বোধন কৰে ৷

লগতে পঢ়ক: গুৱাহাটীত এতিয়া আপোনাৰ ভ্ৰমণ সাৰথি হ’ব বায়ু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.