তেজপুৰত আৰম্ভ হ’ল বৈদ্যুতিক বাছসেৱা, মুকলি হ’ল চাৰ্জিং পইণ্টো - EV Charging Station

🎬 Watch Now: Feature Video

thumbnail
তেজপুৰত বৈদ্যুতিক বাছসেৱা (undefined)

By ETV Bharat Assamese Team

Published : February 16, 2024 at 8:35 PM IST

1 Min Read
Choose ETV Bharat

তেজপুৰ, ১৬ ফেব্ৰুৱাৰী : তেজপুৰত আজিৰে পৰা আৰম্ভ হ’ল বৈদ্যুতিক বাছ সেৱা ৷  অসম পৰিবহন নিগমৰ তিনিখন বৈদ্যুতিক বাছ চলিব তেজপুৰৰ পৰা ৷ শুকুৰবাৰে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তেজপুৰত অসমৰ তৃতীয়টো ইভি ছাৰ্ভিচ চেন্টাৰৰ শুভাৰম্ভ কৰে ৷

উল্লেখ্য যে গুৱাহাটীৰ পিচত বিশ্বনাথ আৰু তেজপুৰত এনে ইভি ৰিচাৰ্ছ চেন্টাৰ আৰম্ভ কৰা হয় ৷ আনহাতে টাটা পাৱাৰৰ সৈতে বুজাবুজি চুক্তি কৰি পৰিবহন বিভাগে ৰাজ্যত দুশটা ৰিচাৰ্জ কেন্দ্ৰ আৰম্ভ কৰিব বুলি সদৰী কৰে পৰিবহন মন্ত্ৰীয়ে ৷ তেওঁ লগতে কয় যে ৰাজ্যত বৰ্তমান ৪৫ লাখ বাহন পঞ্জীয়নভুক্ত হৈ আছে ৷ এই বাহনসমূহৰ ধোঁৱাই প্ৰদূষিত কৰিছে বায়ুমণ্ডল ৷ সেয়েহে ইলেক্ট্ৰনিক বাহনৰ প্ৰচলন কৰিলে পৰিৱেশ সুৰক্ষাৰ লগতে খৰচো কম হ’ব ৷

উল্লেখ্য যে পৰিবহন মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ ইভি ৰিচাৰ্জ পইন্টৰ পৰা এ এচ টি চি বাছ আস্থানলৈ ইলেক্ট্ৰনিক বাছত যাত্ৰা কৰে আৰু বাছ আস্থানত অধীক্ষকৰ কাৰ্যালয় ভৱনো উদ্বোধন কৰে ৷

লগতে পঢ়ক: গুৱাহাটীত এতিয়া আপোনাৰ ভ্ৰমণ সাৰথি হ’ব বায়ু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details