ETV Bharat / state

গুৱাহাটীত এতিয়া আপোনাৰ ভ্ৰমণ সাৰথি হ’ব বায়ু

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 6:58 PM IST

E-Bike Service Launch : বায়ু এপৰ অধীনত আজিৰে পৰা গুৱাহাটীত চলিল ৭৫ খন ইলেক্ট্ৰিক বাইক । ৰেপিড', অ'লা, উবাৰতকৈ ব্যতিক্ৰম হ'ব ‘বায়ু’ এপ ।

E-Bike Service Launch
গুৱাহাটীত ইলেক্ট্ৰিক বাইক

গুৱাহাটীত ইলেক্ট্ৰিক বাইক

গুৱাহাটী, ৭ জানুৱাৰী : মহানগৰবাসীৰ বাবে সুখবৰ । আজি অৰ্থাৎ দেওবাৰে এ এছ টি এ মুকলি কৰা হ’ল বায়ু এপ । পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ চৌহদত আনুষ্ঠানিকভাৱে মুকলি কৰে এই এপ ।

বায়ু এপৰ অধীনত আজিৰে পৰা গুৱাহাটীত চলিল ৭৫ খন ইলেক্ট্ৰিক বাইক । মহানগৰীত সৰ্বমুঠ ৫ হাজাৰ চলিব এনে বাইক । ৰেপিড', অ'লা, উবাৰতকৈ ব্যতিক্ৰম হ'ব ‘বায়ু’ এপ । ‘বায়ু’ এপত চালকে কেঞ্চেল কৰিব নোৱাৰিব বুকিং । গ্ৰাহকে দিব নালাগে অধিক ভাড়া । এপত দেখুওৱা ভাড়াই দিব লাগিব যাত্ৰীয়ে ।

আনুষ্ঠানিকভাৱে এই এপ মুকলি কৰি মন্ত্ৰীয়ে নিজেই চলালে ইলেক্ট্ৰিক বাইক । তেওঁ অনুষ্ঠানত অংশগ্ৰহণ কৰি Hit and Run আইনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, ‘‘Hit and Run আইনৰ যদি কিবা সংশোধনী লাগে তেন্তে আলোচনা কৰক । কিন্তু Hit and Run আইন লাগিবই, যিহেতু Hit and Run ৰ সংখ্যা বৃদ্ধি হৈছে’’ ।

ড্ৰাইভাৰ এছোচিয়েছনক প্ৰত্যাহ্বান জনায় পৰিবহন মন্ত্ৰীয়ে কয়, ‘‘পাৰে যদি দুৰ্ঘটনাত হেৰাই যোৱা মানুহবোৰ আমাক ঘূৰাই দিয়ক । দুৰ্ঘটনাত হেৰাই যোৱা মানুহবোৰৰ পৰিয়ালৰ দায়িত্ব লওক । দুৰ্ঘটনাৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ hit and run new law জৰুৰী’’ ।

তেওঁ দেৰগাঁৱৰ দুৰ্ঘটনা প্ৰসংগ কয়, ‘‘দুৰ্ঘটনাৰ তদন্ত চলি আছে ৷ ট্ৰাকখনত কয়লা আছে নে, কি আছে সেয়া আমাৰ বিষয়বস্তু নহয় । গাড়ীৰ কাগজ আৰু দুৰ্ঘটনাৰ কাৰণ অনুসন্ধানহে আমাৰ কাম’’ । উল্লেখ্য যে, আজিৰ অনুষ্ঠানটোৰ জৰিয়তে ভাৰতৰ প্ৰথম এপ আধাৰিত ১০০% বৈদ্যুতিক আৰু বিকেন্দ্ৰীকৃত বাইক টেক্সি সেৱা মুকলি কৰা হয় ।

আজি প্ৰথম পৰ্যায়ত ৭৫ খন ইলেকট্ৰনিক বাইক ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় । পৰৱৰ্তী সময়ত মহানগৰীত ৫০০০ হাজাৰ ইলেকট্ৰনিক বাইক ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ লক্ষ্য লৈছে এই এছ টি চি য়ে । ভাৰতৰ প্ৰথম ১০০% বৈদ্যুতিক আৰু বিকেন্দ্ৰীকৃত বাইক টেক্সি সেৱা হিচাপে ৰাজ্যৰ এক ষ্টার্ট আপ প্ৰতিষ্ঠান-বিকোজি ইক'টেকৰ সহযোগত এএছটিচিয়ে অসমত 'বায়ু' (এক এপ আধাৰিত বৈদ্যুতিক বাইক টেক্সি সেৱা) আৰম্ভ কৰিছে ।

এই বায়ু এপৰ জৰিয়তে ৫০০০ চালকৰ বাবে জীৱিকা লাভ কৰিব । এই পদক্ষেপে বছৰি ২৯,০০০ টন কাৰ্বন নির্গমন হ্ৰাস কৰিব আৰু ইন্ধন ব্যয়ৰ ওপৰত বছৰি ৭৩ কোটি টকা ৰাহি কৰিব ।

লগতে পঢ়ক : মাইকী ধনেশ আৰু সন্তানৰ সুৰক্ষা এইদৰে কৰে মতা ধনেশ পক্ষীয়ে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.