গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী - Fire in Goalpara

By ETV Bharat Assamese Team

Published : May 4, 2024, 7:58 PM IST

thumbnail
গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী (Etv Bharat Assam)

গোৱালপাৰা,৪ মে': গোৱালপাৰা চহৰৰ বৰপাহাৰ চন্দৰীয়াত শুকুৰবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভষ্মীভূত যায় প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি । জানিব পৰা মতে, শুকুৰবাৰে নিশা বৰপাহাৰৰ এখন দোকানত ই-ৰিক্সা চার্জত দিছিল । ই-ৰিক্সা চার্জ দিয়াৰ বাবেই শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড । প্ৰথমে স্থানীয় লোক এজনে কলা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰে ।  

মুহুৰ্ততে অঞ্চলটো ছানি ধৰে জুইৰ লেলিহান শিখাই । লোকজনৰ চিঞৰ-বাখৰত স্থানীৰ ৰাইজে ওলাই আহি জুই নুমাবলৈ চেষ্টা কৰে যদিও বিফল হয় । পিছত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে ৭ খনকৈ দোকান জ্বলি ছাৰখাৰ হয় । প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড : নষ্ট বহু নথি-পত্ৰ - Fire At Bijuli Bhawan

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.