বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড : নষ্ট বহু নথি-পত্ৰ - Fire at Bijuli Bhawan

By ETV Bharat Assamese Team

Published : May 3, 2024, 7:20 PM IST

thumbnail
বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড : নষ্ট বহু নথি-পত্ৰ (ETV Bharat Assam)

গুৱাহাটী, ৩ মে’ : পল্টন বজাৰস্থিত বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড ৷ শুকুৰবাৰে বিয়লি প্ৰায় 4 বজাত বিজুলী ভৱনৰ দ্বিতীয় মহলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷ অগ্নি নিৰ্বাপক বাহিনীৰ 9 খনকৈ বাহনে জুই নুমুৱাবলৈ সক্ষম হয় ।

উল্লেখ্য যে, দ্বিতীয় মহলাৰ পৰা ষষ্ঠ মহলালৈ বিয়পি যায় জুই । অগ্নিকাণ্ডটোৰ সময়ত দ্বিতীয় মহলাৰ পৰা ষষ্ঠ মহলালৈকে প্ৰায় 400 তকৈ অধিক কৰ্মচাৰীয়ে কাম কৰি আছিল যদিও কোনো লোক আহত হোৱা নাই  ।

অগ্নিকাণ্ডটোৰ সূত্ৰপাত কিদৰে হ’ল, সেই কথা এই পৰ্যন্ত জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডটোৰ ফলত বিজুলী ভৱনৰ বহু নথি-পত্ৰ জাহ যায় । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জনোৱা মতে পাণবজাৰ, পাণ্ডু, দিছপুৰ, চান্দমাৰি, লখৰাৰ পৰা অহা মুঠ 9 খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: খানাপাৰাত পুনৰ STF ৰ ড্ৰাগছ বিৰোধী অভিযান, মহিলাসহ এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.