নামৰূপত বজ্ৰপাতত এজনে হেৰুৱালে প্ৰাণ - lightning strike

By ETV Bharat Assamese Team

Published : May 1, 2024, 2:04 PM IST

thumbnail

মৰাণ, ১ মে': ব'হাগ বিহুৰ আনন্দ উল্লাসৰ মাজতে উজনি অসমত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে । ক'ৰবাত যদি ভয়ংকৰ ধুমুহাই তাণ্ডৱ চলাইছে, আন ক'ৰবাত আকৌ শিলাবৃষ্টি আৰু বজ্ৰপাতত ৰাইজৰ বিস্তৰ ক্ষতি হৈছে । যোৱা নিশা প্ৰৱল বৃষ্টিপাত আৰু বিজুলী ঢেৰেকনিৰ মাজতে বজ্ৰপাতত নামৰূপৰ কেইবাটাও ঠাইত বিস্তৰ ক্ষতিসাধন হয় ৷ নামৰূপৰ বৰখেৰেমীয়াত ধন চেতিয়া নামৰ এজন লোক বজ্ৰ পৰি থিতাতে মৃত্য়ু হয় ।

লোকজনে নিশা বজাৰৰ পৰা ঘৰলৈ আহি থকা সময়তেই এই ঘটনা সংঘটিত হয় । বজ্ৰপাতত ধন চেতিয়াৰ মূৰ ফাটি যোৱাৰ লগতে চুলিও জ্বলি যায় । পুৱাই এই খবৰ ৰাজহুৱা হোৱা পাছতেই অঞ্চলটোত শোকাকূল পৰিবেশে বিৰাজ কৰে । ইয়ৰ সমান্তৰালভাৱে নামৰূপ সাৰ কাৰখানাৰ এমনিয়া তৃতীয় গোটৰ চিমনিত বজ্ৰ পৰি অগ্নিকাণ্ড সংঘটিত হয় । পিচত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নিনিৰ্বাপন কৰা হয় । ইপিনে, নামৰূপৰ নিগামত বজ্ৰ পৰি এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হৈছে ।

লগতে পঢ়ক:টিংখাঙত বিনা মেঘে বজ্ৰপাত ! ঘৰ-সম্পত্তি অনিষ্ট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.