টিংখাঙত বিনা মেঘে বজ্ৰপাত ! ঘৰ-সম্পত্তি অনিষ্ট

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 9:24 PM IST

thumbnail

ডিব্ৰুগড়, 27 জানুৱাৰী : টিংখাঙত ঔ-ফুলীয়া পঞ্চায়তৰ বাজিপহুমৰা গাঁৱত শুকুৰবাৰে নিশা পৰে ব্ৰজপাত ৷ ফলত অঞ্চলটোৰ কেইবাজনো লোকৰ বাসগৃহ বিস্তৰ ক্ষতিসাধন হয় ৷ ঘটনা অনুসৰি, গায়েত্ৰী নেৱাৰ নামৰ লোকজনৰ বাগানৰ এজোপা গছত বজ্ৰপাতৰৰ লগতে প্ৰায় আধা কিলোমিটাৰলৈকে মাটিত ফাঁট মেলে ৷ বাগানৰ কাষৰ ভৰত নেৱাৰ নামৰ ব্যক্তিজনৰ ঘৰৰ চোতাল ফাটি যোৱাৰ লগতে পৰিয়ালটোৰ সকলো সদস্য কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঘৰৰ বিভিন্ন সামগ্ৰীৰ ক্ষতিসাধন হয় ৷

তদুপৰিও ঘটনাস্থলীৰ সমীপৰ কেইবাটাও ঘৰৰ বৈদ্যুতিক সঁজুলি বিনষ্ট হৈছে বুলি জানিবলৈ দিছে ৷ স্থানীয় ৰাইজে কয়, ‘‘নিশা বিনা মেঘে বজ্ৰপাত হ’ল ৷ ফলত কেইবাটাও পৰিয়ালৰ ঘৰৰ সম্পত্তি ক্ষতি হোৱাৰ লগতে কেইবাজনো আহত হৈছে ৷ বিগত কেইবাবছৰৰ পৰা অঞ্চলটোত বজ্ৰপাত পৰিবলৈ ধৰিছে ৷ কিয় হৈছে আমি গম পোৱা নাই  ৷’’

লগতে পঢ়ক : চৰ্চাত থকা কংগ্ৰেছৰ কেবাজনো নেতাই লোকসভাত টিকট পোৱাটো নিশ্চিত : ভূপেন বৰা 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.