কাকপথাৰ আৰক্ষীয়ে কিয় গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে ভাগ্যবান ৰজকক ?

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 12:48 PM IST

thumbnail

তিনিচুকীয়া, ২৪ ফেব্ৰুৱাৰী : এইবাৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীৰ বিৰুদ্ধে উঠিছে অভিযোগৰ আঙুলি ৷ থানাত এগৰাকী যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ যুৱকজন কাকপথাৰ ১৮ নং লাইনৰ ভাগ্যবান ৰজক ৷ ভাগ্যবান ৰজকে সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

অভিযোগ অনুসৰি, ১৮ ফেব্ৰুৱাৰীত খেলপথাৰত ক্ৰিকেট খেল খেলি থকাৰ সময়ত এগৰাকী আৰক্ষী জোৱানৰ সৈতে এটা সাধাৰণ কথাতে সংঘৰ্ষত লিপ্ত হয় ৷ তাৰ পাচতে সাধাৰণ পোচাকত থকা আৰক্ষীজনে অন্য আৰক্ষীক মাতি পঠিয়াই আৰু তাৰ পাচতে ভাগ্যবান ৰজকক থানালৈ লৈ যায় ৷

আনকি ভাগ্যবান ৰজকক CCTV কেমেৰা সংস্থাপন নথকা থানাৰ এটা স্থানত নি কাকপথাৰ আৰক্ষী থানাৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰে ৷ আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় যুৱকজন ৷ এই অভিযোগ ভাগ্যবান ৰজকৰ ৷

ইফালে আৰক্ষীৰ কৰ্মকাণ্ড পোহৰলৈ অহাত বিভিন্নজনে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ আনকি চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) কাকপথাৰত এক সংবাদমেল আয়োজন কৰি আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

লগতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপৰ আহ্বান জনায় আটছাৰ নেতৃত্বই ৷ অন্যথা আন্দোলনৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷ ইয়াৰে সমান্তৰালভাৱে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকক ঘটনা সন্দৰ্ভত এক স্মাৰক পত্ৰও প্ৰদান কৰে আটছাই আৰু পৰি‌য়ালৰ তৰফৰ পৰা দাখিল কৰা হয় এক এজাহাৰো ।

লগতে পঢ়ক : ডুমডুমাত নিশা বজৰং দলৰ নামত গৰুভৰ্তি ট্ৰাকৰ পৰা ধন লুট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.