ডুমডুমাত নিশা বজৰং দলৰ নামত গৰুভৰ্তি ট্ৰাকৰ পৰা ধন লুট - Illegal cattle trade

🎬 Watch Now: Feature Video

thumbnail
গৰুভৰ্তি ট্ৰাকত ধন দাবী (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 12:17 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ২০ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ ডুমডুমাত সোমবাৰে নিশা গৰু সৰবৰাহ কৰা ট্ৰাকৰ পৰা বজৰং দলৰ নামত ধন লুট কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অৰুণাচল প্ৰদেশৰ পৰা অহা এখন গৰুভৰ্তি ট্ৰাক ডুমডুমাৰ হাঁহচৰাত ৰখাই চালকক মাৰপিট কৰাৰ লগতে দলটোৱে নগদ ধনৰ লগতে ম'বাইল লৈ উধাও হয় বুলি অভিযোগ কৰিছে ট্ৰাকৰ চালকে ৷ মদ্যপান কৰি থকা যুৱকৰ দলটোৱে চালকৰ পৰা নগদ ৮১ হাজাৰ টকাৰ লগতে দুটা ম'বাইল লৈ উধাও হয় ৷

ইয়াৰ পিচতেই ডুমডুমা আৰক্ষী কাষত উপস্থিত হয় ট্ৰাক দুখনৰ চালক দুজন ৷ দুৰ্বৃত্তৰ দলটোৱে বজৰং দলৰ সদস্য বুলি চিনাকি দিয়াৰ অভিযোগ কৰিছে ট্ৰাক চালকে ৷ পৰৱৰ্তী সময়ত সাংবাদিক উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে বজৰং দল বুলি চিনাকি দিয়া দুৰ্বৃত্তৰ দলটোৱে ৷ ইফালে, ট্ৰাকখনত গৰু সৰবৰাহ কৰা 'কেটেল পাৰ্মিট' নথকাৰ কথা স্বীকাৰ কৰে ট্ৰাকৰ চালকে ৷  

উল্লেখ্য় যে প্ৰতি নিশাই তিনিচুকীয়া জিলাৰ মাজেৰে সৰবৰাহ হয় কেটেল পাৰ্মিট অবিহনেই ইখনৰ পাছত সিখন গৰুভৰ্তি ট্ৰাক ৷ আৰক্ষীয়ে এনে বেহাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে একাংশ দুষ্টচক্ৰই ধন সংগ্ৰহৰ সুবিধা লৈ আহিছে ৷ আনহাতে, ট্ৰাকত গৰুৰ ভিডিঅ' সংগ্ৰহ কৰোতে গৰুৰ আক্ৰমণত আহত হয় বৈদ্যুতিন মাধ্যমৰ এজন সাংবাদিক ৷

লগতে পঢ়ক:অথলে গৈছে গো-ব্যৱসায়ক লৈ চৰকাৰী নিৰ্দেশনা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details