শিহৰণকাৰী ! স্বামীয়ে পত্নীক দাৰে ঘপিয়াই বাচি ল’লে আত্মহননৰ পথ - Suicide case in Mangaldoi - SUICIDE CASE IN MANGALDOI

🎬 Watch Now: Feature Video

thumbnail
শিহৰণকাৰী ! স্বামীয়ে পত্নীক দাৰে ঘপিয়াই বাচি ল’লে আত্মহননৰ পথ (undefined)

By ETV Bharat Assamese Team

Published : March 28, 2024 at 8:41 PM IST

1 Min Read
Choose ETV Bharat

মঙলদৈ, 28 মাৰ্চ : দৰং জিলাৰ মঙলদৈত শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ৷ স্বামীয়ে পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰি নিজে চিপ লৈ আত্মহননৰ পথ বাচি লয় ৷ এই ঘটনা সংঘটিত হৈছে মঙলদৈৰ নিকতৱৰ্তী বলপাৰাত ।

ঘটনা অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় 12 মান বজাত বলপাৰাৰ গকুল বিশ্বাস নামৰ লোকজনে নিজ পত্নী নিলীমা বিশ্বাসক দাৰে উপৰ্যুপৰি ঘপিয়াই । লগে লগে পৰিয়ালৰ লোকে মহিলাগৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে ৷ ইফালে এই সময়তে স্বামী গকুল বিশ্বাসে চিপ লৈ আত্মহননৰ পথ বাচি লয় ৷

অৱশ্যে কি কাৰণত গকুল বিশ্বাসে এই ঘটনা সংঘটিত কৰিলে এতিয়াও পোহৰলৈ অহা নাই । পৰিয়ালৰ লোকে ইতিমধ্যে ঘটনাসন্দৰ্ভত আৰক্ষীক খবৰ দিছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পিচতহে ওলাব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক: Fire on a vehicle: ৰাজপথত জ্বলিল বিলাসী বাহন; কথমপি প্ৰাণ ৰক্ষা 4 জনৰ

ABOUT THE AUTHOR

...view details