Fire on a vehicle: ৰাজপথত জ্বলিল বিলাসী বাহন; কথমপি প্ৰাণ ৰক্ষা 4 জনৰ - ৰাজপথত জ্বলিল বিলাসী বাহন

🎬 Watch Now: Feature Video

thumbnail
ৰাজপথত জ্বলিল বিলাসী বাহন (undefined)

By

Published : May 13, 2023 at 8:19 PM IST

Choose ETV Bharat

মৰাণ, 13 মে’ : ডিব্ৰুগড় চহৰৰ ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন বিলাসী বাহন (Vehicle set on fire on highway)। চহৰৰ মানকটা পথৰ অভাৰ ব্ৰীজৰ চৌকিডিঙী অভিমুখী পথত এই ঘটনা সংঘটিত হয় ৷ প্ৰথমে বাহনখনৰ পৰা ধোঁৱা ওলাই আৰু তাৰ পাচতে লগে লগে জ্বলি উঠে বাহনখন (Fire on a vehicle in Dibrugarh)। বাহনখন জ্বলি থকা অৱস্থাতে বাহনখনত দুটাকৈ বিস্ফোৰণো সংঘটিত হয়। ফলত অধিক তীব্রতৰ হৈ উঠে জুই ৷ জুইত সম্পূর্ণৰূপে ভস্মীভূত হয় বাহনখন।  

ইফালে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল ৪ জন লোকৰ। বাহনখন জকাইৰ বদন চন্দ্র দাসৰ আছিল বুলি জানিব পৰা গৈছে। বদন দাসে বাহন খন চলাই পত্নী, ভাতৃ আৰু ভাতৃৰ পত্নীসহ জকাইৰ পৰা আহি আছিল। জুই লগাৰ পূৰ্বে বাহনখনত প্ৰথমে ধোঁৱা নিৰ্গত হৈছিল। বাহনখনত বহি থকা পৰিয়ালটোৱে ধোঁৱা দেখি ততাতৈয়াকৈ বাহনখনৰ পৰা নামি আঁতৰি আহে ৷  

এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী, এছ ডি আৰ এফৰ জোৱান উপস্থিত হৈ জুই নিয়ন্ত্রণ কৰে যদিও গাড়ীখন জ্বলি ভস্মীভূত হয় । 

ইফালে বাহনখনৰ সমীপতে ৰাখি থোৱা আন এখন বেলেন’ বাহনো অগ্নিৰ সংস্পৰ্শলৈ অহাত বাহনখন কিছু পৰিমানে নষ্ট হয় ৷ অগ্নিসংযোগ হোৱা বাহনখন AS 01 AK 6696 নম্বৰৰ এখন স্কৰপিঅ’ বাহন আছিল।  

লগতে পঢ়ক: Fat Bihu Celebration: চাৰিকড়ীয়া নদীৰ পাৰত ফাট বিহু উদযাপন

ABOUT THE AUTHOR

author-img

...view details