ফাঁকিৰে কংগ্ৰেছ, জৰাফুকাৰে আজমল আৰু কিমান চলিব: অতুল বৰাৰ প্ৰশ্ন - Lok Sabha ELECTION 2024

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 5:09 PM IST

thumbnail

সৰুপথাৰ, 10 এপ্ৰিল : কাজিৰঙা লোকসভা সমষ্টিৰ সৰুপথাৰত অসম গণ পৰিষদৰ নিৰ্বাচনী সভা ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত সৰুথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত অসম গণ পৰিষদ দলে অনুষ্ঠিত কৰে এই সভা ৷ সভাত অংশগ্ৰহণ কৰে দলৰ সভাপতি অতুল বৰাই ৷  

সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই কয় যে, ৰাজ্য 14 খন আসনতেই এন ডি এ অপ্ৰতিৰোধ্য ৷ ইয়াৰ প্ৰতিফলন নিৰ্বাচনী ফলাফলত ঘটিব ৷ লগতে কাজিৰঙা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীজন বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰে মন্ত্ৰী বৰাই ৷  

ইফালে কংগ্ৰেছে ফাঁকি কথাৰে, বাৰম্বাৰ টেঙা আম বেছি চলি আছে বুলি দলটোক কটাক্ষ কৰে অতুল বৰাই ৷ তেওঁ কয় যে, কংগ্ৰেছৰ এইটো এটা সংস্কৃতি, কংগ্ৰেছ এটা চিষ্টেম ৷ আনহাতে ধুবুৰীত অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিব বুলি দাবী কৰি তেওঁ আজমলে জৰা-ফুকা কৰি আৰু কিমান চলিব বুলি কটাক্ষ কৰে ৷ 

লগতে পঢ়ক : মই পইচা দি ভোট নিকিনো, মোৰ পইচা নাই : ফণীভূষণ চৌধুৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.