ETV Bharat / politics

মই পইচা দি ভোট নিকিনো, মোৰ পইচা নাই : ফণীভূষণ চৌধুৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 3:30 PM IST

Phani Bhusan Choudhury: আঠবাৰৰ বিধায়ক যদিও আজিলৈকে নিৰ্বাচনৰ নামত এক পইচাও খৰচ কৰি পোৱা নাই ফণীভূষণ চৌধুৰীয়ে ৷ এইবাৰৰ লোকসভা নিৰ্বাচনতো খৰচ নকৰে ৷ প্ৰাৰ্থীগৰাকীয়ে জানিবলৈ দিয়ে এই কথা ৷

Phani Bhusan Choudhury
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী

বৰপেটা, ১০ এপ্ৰিল : তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ক্ৰমে বৃদ্ধি কৰিছে নিৰ্বাচনী প্ৰচাৰ । বুধবাৰে ফণীভূষণ চৌধুৰীয়ে বৰপেটাত ১৭ খন সভাত অংশ লৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ফণীভূষণ চৌধুৰীয়ে সৰু সৰু সভাৰ জৰিয়তে তেওঁ ৰাইজৰ কাষ চাপিব বিচাৰিছে বুলি মন্তব্য কৰে । জনসম্পৰ্ক গঢ়াৰ কৌশল হিচাপে সৰু সৰু সভাত গুৰুত্ব দিয়া হৈছে বুলিও প্ৰাৰ্থীগৰাকীয়ে প্ৰকাশ কৰে ।

ইপিনে চৌধুৰীয়ে কয় যে ভাৰতবৰ্ষৰ ৰাইজে নৰেন্দ্ৰ মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো যিদৰে বিচাৰিছে, বৰপেটা লোকসভা সমষ্টিতো মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হোৱাটো বিচাৰিছে । সেয়েহে তেওঁ ৰাইজৰ স্বতঃস্ফূৰ্ত সহাৰি লাভ কৰা বুলি মন্তব্য কৰে ৷ সাংসদ নিৰ্বাচিত হ’লে তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰি বৰপেটাৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধানৰ বাবে কাম কৰিব বুলি প্ৰকাশ কৰে ।

আনহাতে নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে ফণীভূষণ চৌধুৰীৰ পকেট নাই বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ফণীভূষণ চৌধুৰীয়ে ৷ চৌধুৰীৰ মন্তব্য- ‘‘ভোটাৰ ৰাইজ বৰ্তমান অত্যন্ত সজাগ আৰু সচেতন । টকাৰে এতিয়া ভোট কিনিব নোৱাৰি । মই আঠবাৰৰ বিধায়ক ৷ এই আঠবাৰ নিৰ্বাচনৰ সময়তো মই পকেট ব্যৱহাৰেই কৰা নাই ৷ মই নিৰ্বাচনৰ নামত এক পইচাও খৰচ কৰি পোৱা নাই ৷ এইবাৰো সাংসদ নিৰ্বাচনত মই এক টকাও খৰচ কৰা নাই আৰু মোৰ পকেটৰ পৰা এটকাও খৰচ নকৰোঁ ৷’’

তেওঁৰ লগত জনবল আছে বুলি সদৰী কৰি কয়- ‘‘ৰাইজেই মোক সহায় কৰিছে ৷ আজিৰ দিনত ৰাইজ ইমান দুৰ্বল নহয় যে তেওঁলোক টকাত বিক্ৰী যাব ৷ ৩০/৪০ বছৰ পূৰ্বে এইটো আছিল ৷ কিন্তু আজি টকাত ভোট বিক্ৰী কৰা দিন নাই ৷ এয়া কংগ্ৰেছৰ কালচাৰ ৷ তেওঁলোকে সমৰ্থকসকলকো ধন দিয়ে ৷ মই পইচা দি ভোট নিকিনো ৷ মোৰ পইচা নাই ৷ ৰাইজে মোক সহায় কৰি আছে ৷ আমাৰ সমৰ্থক আৰু ভোটাৰসকলেও পইচা নিবিচাৰে আৰু পইচা লৈ ভোট নিদিয়ে ৷’’

লগতে পঢ়ক: নিৰ্দিষ্ট উদ্দেশ্য লৈ কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে: উদয় শংকৰ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.