ETV Bharat / politics

নিৰ্দিষ্ট উদ্দেশ্য লৈ কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে: উদয় শংকৰ হাজৰিকা - Lok Sabha elections 2024

Lok Sabha Polls 2024 : জোনাইত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা । কংগ্ৰেছ দলৰ নেতাসকলৰ পদত্যাগ সন্দৰ্ভত কি ক'লে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

Lakhimpur Lok Sabha constituency
কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা
author img

By ETV Bharat Assamese Team

Published : April 9, 2024 at 10:32 PM IST

2 Min Read
Choose ETV Bharat
কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা

জোনাই, ৯ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই এতিয়া ৰাজনৈতিক দলসমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে । সমান্তৰালভাৱে আজি ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই জোনাই বিধানসভা সমষ্টিত প্ৰচাৰ চলায় । কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কেমি জেলম, পুৰণা জেলম, লেকু জেলম, জোনাই বজাৰ, বিজয়পুৰ, গালী আদিকে ধৰি কেইবাখনো গাঁৱত নিৰ্বাচিনী প্ৰচাৰ চলায় । এই প্ৰচাৰ অভিযান চলোৱাৰ উপৰি পাণ-তামোল আগবঢ়াই ৰাইজৰ ওচৰত সেৱা লয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই নিৰ্বাচনী প্ৰচাৰ অভিযানত উদয় শংকৰ হাজৰিকাই ভৰত নৰহ, ৰানী নৰহ তথা আন আন নেতাসকলৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগে নিৰ্বাচনত একো প্ৰভাৱ নেপেলায় বুলি মন্তব্য় কৰে ৷ ইয়াৰ বিপৰীতে তৃণমূল কৰ্মীসকলে দুগুণ উৎসাহৰে কাম কৰিব বুলি মন্তব্য কৰি কয়,"কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নেতাসকলে এক নিৰ্দিষ্ট উদ্দেশ্য লৈ দলত্যাগ কৰিছে ৷"

কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বিজেপি চৰকাৰ আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ কয় যে তেওঁ স্থানীয় সমস্যা, বৃহৎ নদীবান্ধৰ পৰা হ’ব পৰা ভয়াবহতা দূৰ কৰি ৰাইজৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বিষয়ে চৰকাৰে বৈজ্ঞানিক তথ্যৰে জনসাধাৰণক আশ্বস্ত কৰিব পৰা সম্পৰ্কে সংসদত এবাৰো মুখ নুখুলিলে ৷ এই কথা তেওঁ এদিনো নুসুধিলেই বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷

এই নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থীগৰাকীৰ সৈতে ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোঁহাই, মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি বিজয় পেগু, সঞ্জয় পেগু, কনকলতা পাতিৰ, যুৱ কংগ্ৰেছৰ কেইবাজনো কৰ্মীৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ কেইবাজনো কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:মুখ্যমন্ত্রী-গৃহমন্ত্ৰীৰ ভাষণত পতিয়ন নাযায় লখিমপুৰৰ ৰাইজ: উদয় শংকৰ হাজৰিকা - Lok Sabha Election 2024