মুখ্যমন্ত্রী-গৃহমন্ত্ৰীৰ ভাষণত পতিয়ন নাযায় লখিমপুৰৰ ৰাইজ: উদয় শংকৰ হাজৰিকা - Lok Sabha Election 2024
Uday Shankar Hazarika: মুখ্যমন্ত্রী-গৃহমন্ত্ৰীৰ ভাষণে এইবাৰ কাম নকৰিব । তেওঁলোকৰ ভাষণত লখিমপুৰৰ ৰাইজ পতিয়ন নাযায় । বিজেপিৰ সেই কৌশল পুৰণি হ’ল । বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ লখিমপুৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ পূৰ্বে এইদৰে ক’লে কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই ।

Published : March 30, 2024 at 3:39 PM IST
লখিমপুৰ, ৩০ মাৰ্চ: অমিত শ্বাহৰ ভাষণত পতিয়ন নাযায় লখিমপুৰৰ ৰাইজ । কংগ্রেছৰ উত্থান দেখি ভীতিগ্ৰস্ত হৈছে বিজেপি । লখিমপুৰত কংগ্ৰেছৰ উত্থান আৰু ৰাইজৰ সচেতনতা দেখি ভীতিগ্ৰস্ত হৈ পৰিছে বিজেপি দল । এইবাৰ সমষ্টিটোত ৰাইজৰ সিদ্ধান্ত দেখি বিজেপিয়ে থৰকাচুটি হেৰুৱাইছে । যাৰ বাবে মুখ্যমন্ত্রীসহ বিভিন্ন মন্ত্রী, বিধায়কৰ উপৰি কেন্দ্রীয় গৃহমন্ত্ৰী পৰ্যন্ত সমষ্টিটোলৈ ঢপলিয়াই আহিবলৈ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে । এই মন্তব্য সমষ্টিটোৰ কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ ।
হাজৰিকাই সংবাদ মাধ্যমৰ আগত আৰু কয় গৃহমন্ত্ৰীহে নালাগে বিজেপিয়ে তাতকৈয়ো ডাঙৰ নেতা আনিলেও সফল নহ’ব । লখিমপুৰীয়া ৰাইজে এইবাৰ দৃঢ় সিদ্ধান্ত লৈছে । দুটাকৈ কাৰ্যকালত দিল্লীত গৈ মাত এটা মাতিব নোৱৰা সাংসদজনক আকৌ এবাৰ ৰাইজে দিল্লীলৈ পঠাবলৈ ৰাজি নহয় । ৰাইজৰ এনে দৃঢ় সিদ্ধান্তত বিজেপি শংকিত হৈ পৰিছে । তেওঁ কয় বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ৰাইজে নতুন মুখৰ সন্ধান কৰিছে ৷ কংগ্রেছ প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । ৰাইজৰ এনে দৃঢ়তা আৰু সিদ্ধান্তৰ সন্মুখত অমিত শ্বাহ বা মুখ্যমন্ত্রীৰ ভাষণে কাম নকৰিব । সেই কৌশল পুৰণি হ’ল । এতিয়া আৰু তেনে কৌশলেৰে বিজেপি জিকিব নোৱাৰে বুলিও কয় কংগ্রেছৰ প্ৰাৰ্থীজনে ।
কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লগতে কয়, তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হ’লে প্ৰতিটো সমষ্টিৰ পৰা সাংসদ পুঁজিৰ বাহিৰত গৈ তিনিজনকৈ উদ্যোগী সৃষ্টি কৰিব । কা প্ৰসংগত উদয় শংকৰ হাজৰিকাই কয় যে এই লৈ ৰাইজ শংকিত হৈ আছে । নিজৰ সুৰক্ষা-ভেঁটি মাটিৰ সুৰক্ষাৰ বাবে ৰাইজ চিন্তিত । দীর্ঘদিন ধৰি সমষ্টিটোক অৱহেলা কৰাৰ বাবেও সমষ্টিৰ ৰাইজ বিতুষ্ট । সেয়ে ৰাইজে লোৱা দৃঢ় সিদ্ধান্তই এইবাৰ সমষ্টিটোত পৰিৱৰ্তন ঘটাব বুলি তেওঁ কয় ।
উল্লেখ্য বিজেপিৰ হৈ অন্য সমষ্টিৰ দৰে লখিমপুৰ লোকসভা সমষ্টিত বিভিন্ন স্থানত সভা-সমিতিত অংশগ্রহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে ধুমুহা সৃষ্টি কৰাৰ লক্ষ্য লৈছে । তাৰোপৰি দলীয় প্রার্থীৰ হৈ ছয় এপ্রিলত লখিমপুৰত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাব । বিজেপিৰ এনে তৎপৰতা সৃষ্টি মূলতে কংগ্রেছৰ উত্থানৰ বাবে বিজেপি ভীতিগ্ৰস্ত হোৱাৰ ফল বুলি উল্লেখ কৰি তেওঁ কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ এনেবোৰ কৌশল সমষ্টিটোত এইবাৰ অচল হ’ব বুলিও ব্যক্ত কৰে ৷
লগতে পঢ়ক: প্ৰাৰ্থিত্ব লাভ কৰিয়েই সমষ্টিত ব্যাপক তৎপৰতা ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাৰ - Lok Sabha Elections

