ETV Bharat / politics

প্ৰাৰ্থিত্ব লাভ কৰিয়েই সমষ্টিত ব্যাপক তৎপৰতা ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাৰ - Lok Sabha Elections

Uday Shankar Hazarika : লখিমপুৰ লোকসভা সমষ্টিৰ অধীনৰ ঘিলামৰা আৰু ঢকুৱাখনাৰ ৰাজীৱ ভৱনত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা ৷ প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাৰ পিচতে দলীয় নেতা-কৰ্মীসকলে বিপুলভাৱে তেওঁক আদৰণি জনায় ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বিজেপি চৰকাৰ আৰু লখিমপুৰ লোকসভা সমষ্টিৰ পূৰ্বৰ সাংসদগৰাকীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে ৷

UDAY SHANKAR HAZARIKA
দলৰ কাৰ্যালয়ে কাৰ্যালয়ে উদয় শংকৰ হাজৰিকা
author img

By ETV Bharat Assamese Team

Published : March 25, 2024 at 8:22 PM IST

2 Min Read
Choose ETV Bharat
ব্যাপক তৎপৰতা উদয় শংকৰ হাজৰিকাৰ

ধেমাজি, 25 মাৰ্চ : বহুচৰ্চিত লখিমপুৰ লোকসভা সমষ্টিত শেহতীয়াকৈ কংগ্ৰেছে দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিচতে শাসক-বিৰোধী উভয়ৰে মাজত দুগুনে বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ অৱশ্যে আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ সভা আৰম্ভ নহ’লেও দলীয় কৰ্মী সভাত বিজেপি আৰু কংগ্ৰেছ দলে তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে লখিমপুৰ লোকসভা সমষ্টিত ৰাণী নৰহক ওফৰাই ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাই টিকট লাভ কৰাৰ পিচতে সমষ্টিটোৰ দলৰ কাৰ্যালয়ে কাৰ্যালয়ে পদাৰ্পণ কৰিছে প্ৰাৰ্থীগৰাকীয়ে ৷ সোমবাৰে বিয়লি লখিমপুৰ লোকসভা সমষ্টিৰ অধীনৰ ঘিলামৰা আৰু ঢকুৱাখনাৰ ৰাজীৱ ভৱনত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা ৷ প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাৰ পিচতে দলীয় নেতা-কৰ্মীসকলে বিপুলভাৱে তেওঁক আদৰণি জনায় ৷

ইয়াৰ পিচতে অনুষ্ঠিত হোৱা সভাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বিজেপি চৰকাৰ আৰু লখিমপুৰ লোকসভা সমষ্টিৰ পূৰ্বৰ সাংসদগৰাকীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে ৷ বিজেপি চৰকাৰ আৰু প্ৰদান বৰুৱাক তীব্ৰ সমালোচনা কৰি উদয় শংকৰ হাজৰিকাই কয় যে, স্থানীয় সমস্যা, বৃহৎ নদীবান্ধৰ পৰা হ’ব পৰা ভয়াবহতা দূৰ কৰি ৰাইজৰ জীবনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বিষয়ে চৰকাৰে বৈজ্ঞানিক তথ্যৰে জনসাধাৰণক আশ্বস্ত কৰিব পৰা সম্পৰ্কে সংসদত এবাৰো মুখ নুখুলিলে পূৰ্বৰ সাংসদগৰাকীয়ে ৷ এই কথা তেওঁ এদিনো নুসুধিলেই বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ সেয়েহে দেশৰ ভিতৰতে তেওঁ নিমাতী কইনা হিচাবে 1 নম্বৰ স্থান পালে বুলি বিজেপিৰ প্ৰাৰ্থীগৰাকীক কটাক্ষ কৰে উদয় শংকৰ হাজৰিকাই ৷

তদুপৰি এইবাৰ বিজেপিক পৰাভূত কৰি পৰিৱৰ্তন আনিব লাগিব বুলি দলীয় কৰ্মীসকলক আহ্বান জনাই লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ উল্লেখ্য যে, পলমকৈ হ’লেও কংগ্ৰেছ দলে লখিমপুৰ লোকসভা সমষ্টিৰ বাবে উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিচতে সমষ্টিটোত ব্যাপক তৎপৰতা আৰম্ভ কৰিছে দলীয় নেতা-কৰ্মীসকলে ৷

লগতে পঢ়ক : ঢোলে-ডগৰে ধেমাজিত ৰাইজে আদৰিলে ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাক - Uday Shankar Hazarika In Dhemaji