16 এপ্ৰিলত যোৰহাটলৈ আহিব প্ৰিয়ংকা গান্ধী: ৰাহুল গান্ধীৰ আগমনৰ খবৰ অস্পষ্ট - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 5:19 PM IST

thumbnail

যোৰহাট, 11 এপ্ৰিল: গৌৰৱ গগৈৰ হৈ যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰিয়ংকা গান্ধী ৷  ১৬ এপ্ৰিলত যোৰহাটলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকী ৷ যোৰহাটত এই কথা জানিবলৈ দিয়ে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ৷

যোৰহাটৰ লগতে ত্ৰিপুৰাতো নেত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলি জয়ৰাম ৰমেশে জানিবলৈ দিয়ে ৷  অৱশ্যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীৰ কাৰ্যসূচীৰ সবিশেষ এই পৰ্যন্ত দলটোৰ ফালৰ পৰা প্ৰকাশ কৰা হোৱা নাই ৷

ইফালে 17 এপ্ৰিলত যোৰহাটলৈ ৰাহুল গান্ধী অহাৰ কথা আছিল যদিও সেয়া বাতিল কৰা হৈছে বুলি এক খবৰ ওলাইছে ৷ অৱশ্যে অসম প্ৰদেশ কংগ্ৰেছ অথবা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সেই সন্দৰ্ভচ এতিয়াও স্পষ্ট কৰা নাই ৷

লগতে পঢ়ক: দিল্লীত ইঞ্জিন সলনি হ’লে অসমতো দিন সলনি হ’ব : জয়ৰাম ৰমেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.