ETV Bharat / politics

দিল্লীত ইঞ্জিন সলনি হ’লে অসমতো দিন সলনি হ’ব : জয়ৰাম ৰমেশ - Jairam Ramesh Press Meet

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 9:33 PM IST

JAIRAM RAMESH PRESS MEET
নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা জ্যোষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

চান্দা লৈ তেওঁলোকে ধান্দা দিছে ৷ এয়াই নৰেন্দ্ৰ মোদীৰ বাস্তৱ- এই অভিযোগ জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ ৷ অসমত এতিয়াৰ চৰকাৰৰ পৰা ৰাইজে মুক্তি লাভ নকৰিব যেতিয়ালৈকে দিল্লীত বিজেপি চৰকাৰ থাকিব বুলিও কয় তেওঁ ৷

জ্যোষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ সংবাদমেল

যোৰহাট, 10 এপ্ৰিল : ইলেক্টৰেল বণ্ড আৰু মণিপুৰ হিংসাক লৈ বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ ৷ বুধবাৰে যোৰহাটৰ হোটেল কিংডমত এক সংবাদমেল সম্বোধন কৰি ইলেক্টৰেল বণ্ড আৰু মণিপুৰ হিংসাৰ প্ৰসংগত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতাজন ৷ তেওঁ কয়- "ইলেক্টৰেল বণ্ড উচ্চতম ন্যায়ালয়ে সংবিধান বিৰোধী, বে-আইনী বুলি কৈছে ৷ ভাৰতীয় জনতা পাৰ্টীয়ে কোম্পানীৰ পৰা প্ৰায় 8 হাজাৰ কোটি টকা চান্দা লৈছে ৷ চান্দা লৈ তেওঁলোকে ধান্দা দিছে ৷ এয়াই নৰেন্দ্ৰ মোদীৰ বাস্তৱ ৷ দেশজুৰি ইলেক্টৰেল বণ্ডক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ কিন্তু প্ৰধানমন্ত্ৰী এই সন্দৰ্ভত নিমাত ৷ উচ্চতম ন্যায়ালয়ে এয়া অ-সাংবিধানিক বুলি ক’বলগীয়া হ’ল ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

জয়ৰাম ৰমেশে এনেকুৱা ভ্ৰষ্ট চৰকাৰৰ পৰা মুক্তিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি কয় যে, অসমত বৰ্তমান ডাবল ইঞ্জিন ভ্ৰষ্ট চৰকাৰ আছে ৷ তেওঁ কয় যে, অসমে এতিয়াৰ চৰকাৰৰ পৰা মুক্তি লাভ নকৰে যেতিয়ালৈকে দিল্লীত বিজেপি চৰকাৰ থাকিব ৷ তেওঁ লগতে কাৰো নাম উল্লেখ নকৰাকৈ ইংৰাজীত জি (G)ৰ পিচত এইচ (H) আহে বুলি উল্লেখ কৰি অসমত জি এছ টিৰ লগতে এইচ এছ টিও দিব লাগে বুলি মন্তব্য কৰে ৷ কংগ্ৰেছ নেতাজনে কয় যে, ইয়াৰ পৰা মুক্তি পাবলৈ দিল্লীত বহি থকা ইঞ্জিন সলনি কৰিব লাগিব ৷ দিল্লীত ইঞ্জিন সলনি হ’ব আৰু অসমতো এতিয়াৰ দিন সলনি হ’ব ৷ এই দুয়োটা ইঞ্জিন সংযুক্ত হৈ আছে ৷ চান্দা আৰু ধান্দা এই দুয়োটা ইঞ্জিনৰ ইন্ধন বুলি মন্তব্য কৰে তেওঁ ৷

ইফালে জ্যোষ্ঠ কংগ্ৰেছ নেতাজনে পুনৰ কয় যে, কংগ্ৰেছ দলক সকলো ফালৰ পৰা দুৰ্বল কৰি তুলিবলৈ চেষ্টা কৰি থকা হৈছে ৷ কংগ্ৰেছৰ একাউন্ট বন্ধ কৰা হৈছে, কংগ্ৰেছ নেতা সকলক বিজেপিত যোগদান কৰোৱা হৈছে ৷ কিন্তু কংগ্ৰেছে ভয় নাখায় ৷ এয়া INDIA মহাজোঁট নহয়, এয়া INDIA জনবন্ধন বুলি উল্লেখ কৰে তেওঁ ৷

আনহাতে 11 মাহৰ পিচতো প্ৰধানমন্ত্ৰী মণিপুৰ আহিবলৈ সংকোচ কৰিছে বুলি নৰেন্দ্ৰ মোদীক সমালোচনা কৰে জয়ৰাম ৰমেশে ৷ সমস্ত পৃথিৱীৰ কথা কয় কিন্তু মণিপুৰ সন্দৰ্ভত তেওঁ নিজৰ মৌনতা আজিলৈকে ভংগ নকৰিলে বুলি প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে জয়ৰাম ৰমেশে ৷

লগতে পঢ়ক : এনেকুৱা বিশ্বাসঘাতক মানুহ দেখা নাই : হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ জয়ৰাম ৰমেশৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.