ETV Bharat / politics

এনেকুৱা বিশ্বাসঘাতক মানুহ দেখা নাই : হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ জয়ৰাম ৰমেশৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 7:51 PM IST

Updated : Apr 10, 2024, 8:30 PM IST

জুমলাৰ সময় শেষ, এতিয়া পাঁচ ন্যায় আৰু 25 গেৰান্টিৰ সময় আহিছে বুলি মন্তব্য জেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ ৷ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লাঠ মাৰি কংগ্ৰেছ আৰু নেতাসকলক বদনামী কৰিছে বুলি অভিযোগ জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ ৷

CONGRESS LEADER JAIRAM RAMESH
জয়ৰাম ৰমেশৰ সংবাদমেল

অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা জয়ৰাম ৰমেশৰ

যোৰহাট, 10 এপ্ৰিল : "অসমৰ মুখ্যমন্ত্ৰীৰ পৰিচয় কংগ্ৰেছৰ পৰাই হৈছে ৷ কংগ্ৰেছ দলে তেওঁক পৰিচয় দিলে ৷ 15 বছৰ তেওঁ মন্ত্ৰী আছিল ৷ তৰুণ গগৈৰ সৈতে তেওঁ কাম কৰিলে ৷ পিচত কংগ্ৰেছক লাঠ মাৰি কংগ্ৰেছ আৰু কংগ্ৰেছ নেতাসকলক বদনামী কৰিছে ৷ এনেকুৱা বিশ্বাসঘাতক মানুহ মই নাই দেখা ৷" এই মন্তব্য জেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ ৷ বুধবাৰে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি যোৰহাটত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰি বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কংগ্ৰেছ এৰি একাংশই বিজেপিত যোগদান কৰাক লৈ জয়ৰাম ৰমেশে কয় যে, এনেকুৱা কিছুমান নেতা আছে যিসকলে পুৱা-গধূলি ৱাশ্বিং মেচিন দেখি থাকে ৷ বৰ্তমান দেশত আটাইতকৈ বেছি বিক্ৰী যোৱা বাশ্বিং মেচিন ব্ৰেণ্ড হৈছে 'কমল ৱাশ্বিং মেচিন' ৷ সকলোতকৈ বেছি বিক্ৰী যোৱা বাশ্বিং পাউডাৰ 'মোদী ৱাশ্বিং পাউডাৰ' আৰু অসমৰ মুখ্যমন্ত্ৰী ৱাশ্বিং মেচিন আৰু ৱাশ্বিং পাউডাৰৰ লাভাৰ্থী বুলি মন্তব্য কৰে জয়ৰাম ৰমেশে ৷ তেওঁ কয় যে, যিজনে যাব খুজিছে তেওঁক যাবলৈ দিয়ক, তেওঁলোক বিবেকৱান নহয় ৷ তেওঁ সুবিধাবাদী ব্যক্তি ৷

আনহাতে জয়ৰাম ৰমেশে কয় যে, ৰাইজে অপিনিয়ন প’লত, টি ভি চেনেল, ইন্টাৰভিউত একো নকয় ৷ তেওঁলোকে নীৰৱে ভোটদান কৰিব ৷ এইবাৰ দেশত এক নীৰৱ বিপ্লৱ আহিছে ৷ ৰাইজে নীৰৱে মনতে ঠিক কৰি লৈছে যে, তেওঁলোকক এই দহ বছৰৰ অন্যায় কালৰ পৰা পৰিত্ৰাণ লাগে ৷

জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে কয় যে, বিপক্ষৰ নেতাসকলৰ বিৰুদ্ধে চৰকাৰে গোচৰ ৰুজু কৰিছে ৷ কিয়নো প্ৰধানমন্ত্ৰীয়ে জানিব পাৰিছে যে, তেওঁৰ সময় শেষ হৈছে ৷ দহ বছৰৰ জুমলাত মানুহ অতিষ্ঠ হৈ পৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে যি ক’লেও কংগ্ৰেছ দল নিজৰ স্থিতিত অটল আছে আৰু নিৰ্ভয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

নৰেন্দ্ৰ মোদীক সোমালোচনা কৰি জয়ৰাম ৰমেশে কয় য়ে, প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে চাৰিশখন আসনৰ কথা কৈ থাকে ৷ কাৰণ দেশৰ সংবিধান আঁতৰাই নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছৰ সংবিধান বনোৱাৰ বাবে এই কথা তেওঁ কৈ থাকে ৷ চাৰিশ আসনৰ কথা কৈ থকাৰ আঁৰত প্ৰকৃততে তেওঁৰ এয়া এজেণ্ডা ৷ দেশৰ জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে যে, জুমলাৰ সময় শেষ ৷ এতিয়া পাঁচ ন্যায় আৰু 25 গেৰান্টিৰ সময় আহিছে বুলি মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে ৷

লগতে পঢ়ক : অসমীয়া মানুহতকৈও নৰেন্দ্ৰ মোদীয়ে গামোচাখন বেছিকৈ লয়: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

Last Updated :Apr 10, 2024, 8:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.