ETV Bharat / politics

অসমীয়া মানুহতকৈও নৰেন্দ্ৰ মোদীয়ে গামোচাখন বেছিকৈ লয়: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Himanta Biswa Sarma: অসমীয়া মানুহতকৈও বেছিকে নৰেন্দ্ৰ মোদীয়ে গামোচা লয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ ভেকচিন লওতেও প্ৰধানমন্ত্ৰীগৰাকীয়ে গামোচা লৈছিল বুলি ৰাইজক মনত পেলাই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

HIMANTA BISWA SARMA
যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : April 10, 2024 at 4:31 PM IST

Updated : April 10, 2024 at 5:30 PM IST

3 Min Read
যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

যোৰহাট, 10 এপ্ৰিল: ‘‘অসমীয়া মানুহেই সিমান গামোচা নলয়, যিমান নৰেন্দ্ৰ মোদীয়ে লয় ৷ ভেকচিন লোৱাৰ সময়তো নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচাখন লৈ আছিল ৷’’ বিজেপিক ভোট দি নৰেন্দ্ৰ মোদীক পুনৰ এবাৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ আহ্বান জনাই এনেদৰে ক’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে বুধবাৰে যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ যোৰহাটৰ কল্যাণী খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাৰ লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ভাষণ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰি আছে বিজেপিয়ে ৷ নিৰ্বাচনী বিধি উলংঘা কৰা বুলি আপত্তি দৰ্শাইছে বিৰোধী দলসমূহে ৷ সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে হিংসা কৰি এনে কৰিছে ৷ কংগ্ৰেছীসকলে দুদিন পিচত দেউতাক-মাককো হিংসা কৰিব বুলি মন্তব্য কৰে ড৹ শৰ্মাই ৷

আনহাতে ৰাইজে ভোট নৰেন্দ্ৰ মোদীক দিব নে ৰাহুল গান্ধীক দিব সেই সন্দৰ্ভতো যুক্তি প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা অসমৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিলৈকে সকলো কৃতিত্ব প্ৰদান কৰে নৰেন্দ্ৰ মোদীক ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ বাবে যথেষ্ট চিন্তা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিহুৰ বিশ্ব ৰেকৰ্ড হ’ল, হোলোঙাপাৰত লাচিত বৰফুকনৰ 145 ফুটৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ’ল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ইফালে কংগ্ৰেছীসকলে লাখপতি বাইদেউসকলক হিংসা কৰে বুলি উল্লেখ কৰি ড৹ শৰ্মাই কয় যে হিংসা কৰিবলগীয়া থাকিলে তেওঁক কৰিব লাগে ৷ আনহাতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাণা গোস্বামী আৰু অজন্তা নেওগৰ নাম লয় ৷ তেওঁ কয়, ‘‘কংগ্ৰেছত থকা দিনকেইটা আমি কোনেও মনত পেলাব নিবিচাৰোঁ ৷ নৰেন্দ্ৰ মোদী আহি অক্সিজেন দিলে ৷’’

বিগত সময়ত এগৰাকীও প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ গঁড় চাবলৈ অহা নাছিল বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয় যে কংগ্ৰেছে গঁড় মাৰিলে আৰু নৰেন্দ্ৰ মোদীয়ে গঁড় চাবলৈ আহিল ৷ ৰকিবুল হুছেইনৰ দিনত এফালৰ পৰা গঁড় মৰি থাকিল বুলি উল্লেখ কৰি ড৹ শৰ্মাই কয় যে এতিয়া গঁড় নমৰে, গঁড় মাৰিবলৈ অহা চোৰাংচিকাৰীটোহে মৰি যায় ৷

উল্লেখ্য যে বিজেপিৰ নিৰ্বাচনী সভাখনতে যুৱ কংগ্ৰেছ, এন এছ ইউ আই আৰু বিভিন্ন অৰাজনৈতিক দলৰ বহু নেতাই বিজেপি দলত যোগদান কৰে ।

লগতে পঢ়ক: নিৰ্দিষ্ট উদ্দেশ্য লৈ কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে: উদয় শংকৰ হাজৰিকা

Last Updated : April 10, 2024 at 5:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.