মুখ্যমন্ত্ৰীৰ সন্মুখত কুশল কোঁৱৰৰ জীৱনী বৰ্ণনা এটি শিশুৰ

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 2:21 PM IST

thumbnail

সৰুপথাৰ,১৬ ফেব্ৰুৱাৰী: বিজেপি চৰকাৰৰ গাঁও চলো শীৰ্ষক কাৰ্যসূচীৰে গোলাঘাট জিলাৰ সৰুপথাৰৰ শ্যাম গাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এটি কণমানি শিশুৰ মেধা প্ৰদৰ্শন । সৰুপথাৰৰ ৰজাপুখুৰীৰ শ্যাম গাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীৰ সন্মুখত শিশুটিয়ে বৰ্ণনা কৰিলে ৪২' ৰ ভাৰত ত‍্যাগ আন্দোলনত ফাঁচীকাঠত ওলমি শ্বহীদ বৰণ কৰা গোলাঘাট জিলাৰ সৰুপথাৰৰ শ্বহীদ কুশল কোঁৱৰৰ জীৱনী । কণমানিটোৰ প্ৰতিভাই মুগ্ধ কৰিলে মুখ্যমন্ত্ৰীগৰাকীক ।

উল্লেখ্য যে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ ত্যাগ কৰা শ্বহীদ কুশল কোঁৱৰৰ নাম প্ৰাতঃস্মৰণীয় । ধনশিৰি মহকুমাটোৰ সৰুপথাৰত কুশল কোঁৱৰক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিছে প্ৰশাসনে । তেওঁৰ নামেৰে নামকৰণ কৰিছে একাংশ ভৱন । চিকিৎসালয়ৰ ওপৰিও সৰুপথাৰ ৰে'লৱে ষ্টেচনটোৰ নামো সাঙোৰ খাইছে তেওঁৰ নামেৰেই ।

লগত পঢ়ক: বিটিআৰত অসমীয়া ভাষাৰ প্ৰয়োগ সন্দৰ্ভত প্ৰমোদ বড়োক সাক্ষাৎ অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.