ETV Bharat / state

বিটিআৰত অসমীয়া ভাষাৰ প্ৰয়োগ সন্দৰ্ভত প্ৰমোদ বড়োক সাক্ষাৎ অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:24 AM IST

Assamese language in BTR
বিটিআৰত অসমীয়া ভাষাৰ প্ৰয়োগ সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সাক্ষাৎ অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ

Asom sahitya sabha: বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে চিৰাঙত অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ বৈঠক । বৈঠকৰ অন্তত অসম সাহিত্য সভাৰ ফালৰ পৰা ছয়দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ বিটিচি প্ৰধান প্ৰমোদ বড়োক প্ৰদান কৰা হয় । বৃহস্পতিবাৰে কাজলগাঁও পৌৰ সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক ৷

বিটিআৰত অসমীয়া ভাষাৰ প্ৰয়োগ সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সাক্ষাৎ অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ

চিৰাং, 16 ফেব্ৰুৱাৰী: চিৰাঙৰ কাজলগাঁৱত বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত এক সজাঁতি দলে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সাক্ষাৎ কৰে । কাজলগাঁও পৌৰ সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক ৷ বি টি আৰত অসমীয়া ভাষাৰ যথাযথ প্ৰয়োগৰ আবেদনৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ সৈতে কাজলগাঁৱত এক বৈঠকত মিলিত হয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত অহা এক সজাঁতি দলে । বৈঠকৰ অন্তত অসম সাহিত্য সভাৰ ফালৰ পৰা ছয়দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ বিটিচি প্ৰধান প্ৰমোদ বড়োক প্ৰদান কৰে ।

স্মাৰকত উল্লেখ আছে, "বিগত 1 ফেব্ৰুৱাৰী অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনৰ প্রতিনিধি সভাত উত্থাপন হোৱা কেইটামান কথাই অসম সাহিত্য সভাক বাৰুকৈয়ে দুখ দিছে । প্রতিনিধি সভাত প্রতিনিধিয়ে কৰা প্ৰশ্নৰ উত্তৰত জনাওঁ যে বিটিআৰত সম্প্রতি অসম চৰকাৰে প্ৰদান কৰা ৰেচন কার্ডসমূহ বড়ো আৰু অসমীয়া ভাষাত পৃথক পৃথককৈ প্ৰদান কৰা হৈছে । এই কার্যই আমাৰ মাজত থকা সমন্বয়-সম্প্রীতিৰ বাবে এক উদ্বেগজনক বিষয় । সেয়েহে, আমাৰ মাজত সমন্বয়-সম্প্রীতি অটুত ৰখাৰ স্বাৰ্থত অসম সাহিত্য সভাই কেইটামান বিষয় প্ৰমোদ বড়োৰ জ্ঞাতাৰ্থে আৰু কার্যকৰীকৰণৰ অর্থে স্মাৰকপত্ৰ যোগে উল্লেখ কৰে ।"

স্মাৰকযোগে আৰু কয়, "অসম সাহিত্য সভাই প্রতিটো জনগোষ্ঠীয় ভাষা আৰু সাংস্কৃতিক পৰম্পৰাক সন্মান জনাই আহিছে । এই ক্ষেত্রত বড়ো ভাষাৰ লগতে বড়ো ভাইসকলৰ সাংস্কৃতিক পৰম্পৰাৰ যথোচিত অগ্রগতি আন্তৰিকতাৰে কামনা কৰে । বিটিআৰত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্রদানৰ ব্যৱস্থা আপোনাৰ দিনত কৰা হওক । বিটিআৰত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাটোৰ ব্যৱহাৰ সুনিশ্চিত কৰাটো উচিত । ইয়াৰ জৰিয়তে আমাৰ মাজত সমন্বয়-সম্প্রীতি ভাতৃত্ববোধৰ ভাবধাৰা অটুত থাকিব ।"

"অসম সাহিত্য সভাৰ প্ৰতিনিধিসকলে অবগত কৰিছে যে বিটিআৰত ৰেচন কার্ড বড়ো আৰু অসমীয়া ভাষাত পৃথক পৃথককৈ দিয়া হৈছে । এই কার্য আমাৰ সমন্বয়-সম্প্রীতিৰ ক্ষেত্ৰত উদ্বেগজনক । একেখন ৰেচন কার্ডত বড়ো, অসমীয়া দুয়োটা ভাষা থাকিলে আমাৰ মাজত মিলা-প্ৰীতি তথা সদ্ভাৱ প্রতিষ্ঠাত সহায়ক হ'ব । বিটিআৰ অঞ্চলৰ প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান আদিৰ নাম ফলকত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা হওক" স্মাৰক পত্ৰযোগে দাবী উত্থাপন কৰে অসম সাহিত্য সভাই ।

সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে প্ৰমোদ বড়োৰ সৈতে দীৰ্ঘ সময় আলোচনাৰ অন্তত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে আচলতে সকলোৱে মিলা-প্ৰীতিৰে থাকি অসমীয়া ভাষাৰ সমান্তৰালভাৱে সকলো জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব লাগিব । এই বিষয়টো এবছু আৰু বড়ো সাহিত্য সভাৰ সৈতেও আলোচনাৰ কৰাৰ প্ৰয়োজন বুলি জনায় প্ৰধান সম্পাদকজনে ।

বিটিআৰ অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ ভাষাই সমান মৰ্যাদা পাব তাত কোনো সন্দেহ নাই বুলি উল্লেখ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে কয়, "অসমীয়া ভাষাটো কেৱল ভাষা নহয় ই অভিভাৱক তুল্য মাতৃভাষা । উত্তৰ পূৰ্বাঞ্চলত অসমীয়া ভাষা অতিকে জনপ্ৰিয় ভাষা । এই ভাষা এলাগী হোৱাৰ প্ৰশ্নই নাহে ।"

লগতে পঢ়ক: ড৹ নগেন শইকীয়াক ক্ষমা খুজিলে অসম সাহিত্য সভাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.