ETV Bharat / state

ড৹ নগেন শইকীয়াক ক্ষমা খুজিলে অসম সাহিত্য সভাই

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 5:23 PM IST

Nagen Saikia controversy: ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ নামত ভাঙি দিয়া হৈছিল ড৹ নগেন শইকীয়াৰ নাম অন্তৰ্ভুক্ত ফলক । ইয়াৰ পচতেই বিতৰ্ক । সেয়েহে পুনৰ নতুনকৈ লিখি আঁৰি দিয়ে এখন ফলক । লিখিত ক্ষমা খুজিবলৈ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বিষয়ববীয়া সকলক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় সমিতিৰ ।

Nagen Saikia controversy:
ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বিতৰ্ক
ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বিতৰ্ক

মৰাণ, ৫ জানুৱাৰী : অসম সাহিত্য সভাৰ কিছু অবিবেচকী কাণ্ডৰ বাবে শেহতীয়াকৈ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ নামত ভাঙি দিয়া হৈছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যক নগেন শইকীয়াৰ নাম ফলক । এই ঘটনাই কেৱল ডিব্ৰুগড়তে নহয়, সমগ্ৰ ৰাজ‍্যৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰে । ডিব্ৰুগড়ৰ চৌকিডিঙ্গীত অৱস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় চৌহদত নিৰ্মাণ হৈ থকা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত জিলা সাহিত্য সভাৰ প্ৰতিনিধিয়ে এই কাণ্ড সংঘটিত কৰাত অসম সাহিত্য সভাৰ মজিয়াত জোঁকাৰণিৰ সৃষ্টি হৈছিল ।

ইয়াৰ পাচতেই এই সমগ্ৰ ঘটনাটো সংবাদ মাধ‍্যমত প্ৰচাৰ হোৱাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এটা সঁজাতি দল উপস্থিত হ‌য় ডিব্ৰুগড় জিলা সাহিত্য সভাৰ নৱ-নিৰ্মিত কাৰ্যালয়ত । সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াক ক্ষমা খুজিলে অসম সাহিত্য সভাই । লগতে পুনৰ নতুনকৈ লিখি আঁৰি দিয়া হয় ড৹ নগেন শইকীয়াৰ নাম অন্তৰ্ভুক্ত থকা এখন নতুন ফলক । এই ঘটনা সংঘটিত কৰাত লিখিত ক্ষমা খুজিবলৈ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বিষয়ববীয়া সকলক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় সমিতিয়ে ।

উল্লেখ্য যে ২০১১ বৰ্ষত সেই সময়ৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি তথা মৰাণ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত কিৰণ কুমাৰ গগৈৰ লগতে সাহিত্যক নগেন শইকীয়াই অশেষ ত্যাগ স্বীকাৰ কৰি ডিব্ৰুগড় জিলা সাহিত্য সভাক দিছিল এটি স্থায়ী ঠিকনা । জিলা সাহিত্য সভাৰ এটি কাৰ্যালয় নিৰ্মাণ কৰি শুভ উদ্বোধন কৰিছিল । উদ্বোধনৰ সময়ত কমিটীয়ে কাৰ্যালয় গৃহত সাহিত্যিক দুগৰাকীৰ নামত আঁৰি দিছিল এখন ফলক । কিন্তু এইবাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতিনিধিয়ে অইল ইণ্ডিয়াৰ টকা লাভ কৰিয়েই পাহৰিলে সাহিত্যিক ড৹ নগেন শইকীয়াৰ ত্যাগ । কাম কৰা শ্ৰমিকে এই কাৰ্য কৰা বুলি দায় সাৰিব বিচাৰিলেও ডিব্ৰুগড় জিলা সমিতিৰ দ্বায়িত্বহীনতাৰ বাবে কেন্দ্ৰীয় সমিতিয়ে ক্ষমা খুজিব লগা পৰিস্থিতি সৃষ্টি হ'ল ।

লগতে পঢ়ক:দলং বিচাৰি প্ৰতিবাদত নামিল কণ কণ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.