Article 370 উপভোগ কৰি মোদী-শ্বাহক ৰিয়েল হিৰ’ বুলি প্ৰশংসা মুখ্যমন্ত্ৰী শৰ্মাৰ

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 12:33 PM IST

thumbnail

গুৱাহাটী, 18 মাৰ্চ : লোকসভাৰ নিৰ্বাচনী ব্যস্ততাৰ মাজতে বলিউডৰ বহুত চৰ্চিত ছবি Article 370 উপভোগ কৰিলে মুখ্যমন্ত্ৰীয়ে । গুৱাহাটী চুপাৰ মাৰ্কেটৰ INOX ছবিগৃহত দেওবাৰে দলীয় নেতা-কৰ্মীৰ সৈতে ছবি উপভোগ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীৰ সৈতে নিশা ছবি উপভোগ কৰিবলৈ আহিল সাংসদ পল্লৱ লোচন দাস, পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক মানৱ ডেকাৰ লগতে বহু দলীয় কৰ্মীয়ে । Article 370 ছবিখন উপভোগ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ছবিখনে ইতিহাসৰ বহু কথাই কৈ গৈছে। ছবিখনত এক কাল্পনিক চৰিত্ৰ দেখুওৱা হৈছে’’ ।

তেওঁ কয়, ‘‘ছবিখনৰ মুখ্য হিৰ’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আছিল । কাশ্মীৰ সংবিধানৰ 370 অনুচ্ছেদ আঁতৰোৱা বাবে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল’’ ৷ লগতে তেওঁ সকলোকে এই ছবিখন চাবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় ।

আনহাতে তেওঁ সদ্য কংগ্ৰেছ ত্যাগী আব্দুল খালেক সম্পৰ্কত মন্তব্য কৰি কয়, ‘‘আব্দুল খালেকৰ বিজেপিৰ লগত কোনো যোগাযোগ হোৱা নাই । ভৱিষ্যতে যোগাযোগ নহয় । আব্দুল খালেক বিজেপিত কেতিয়াও নাহে’’ ।

লগতে পঢ়ক : নৰেন্দ্ৰ মোদী কেৱল এখন মুখা, ইভিএম অবিহনে নিৰ্বাচন জিকিব নোৱাৰে; ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.