24 বছৰ বয়সতে APSC পৰীক্ষাত উত্তীৰ্ণ মেক ড'নাল্ড বৰাং

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 3:54 PM IST

thumbnail

ধেমাজি, 20 জানুৱাৰী : কঠোৰ পৰিশ্ৰম আৰু মেধাৰ বলত 24 বছৰ বয়সতে অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে ঢকুৱাখনা মহকুমাৰ ওভতা চামপৰামুখৰ মেক ড’নাল্ড বৰাঙে ৷ প্ৰথম প্ৰচেষ্টাতে মেক ড'নাল্ড বৰাঙে এই সফলতা লাভ কৰা বুলি জানিবলৈ দিয়ে ৷ এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাত পৰিয়ালৰ লগতে অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে ৷

পিতৃ ৰত্নকান্ত বৰাং আৰু মাতৃ তথা বেবেজীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰণীতা বৰাঙৰ সুসন্তান  মেক ড'নাল্ড বৰাঙক লৈ অঞ্চলবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে ৷ ইফালে যুৱকজনৰ এই সফলতাৰ বাবে স্থানীয় লোকৰ লগতে বিভিন্নজনে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তদুপৰি মিচিং ছাত্ৰ সংগঠন টি এম পি কেই অভিনন্দন জনায় যুৱকজনক ৷ টি এম পি কেৰ ৰিক্কং অৱনৰি সমিতিয়ে ড'নাল্ড বৰাঙৰ গৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায় ৷  

লগতে পঢ়ক : ৯০ বিঘা ভূমিত সৰিয়হ খেতি কৰি স্বাৱলম্বী এদল যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.