অসম

assam

Student Suicide: ঘন জংঘলৰ মাজত চিপ লোৱা অৱস্থাত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

By

Published : Feb 23, 2023, 6:58 PM IST

চিপ লগা অৱস্থাত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়া, 23 ফেব্ৰুৱাৰী: ৰঙিয়াত ঘন জংঘলৰ মাজত ৰহস্যজনকভাৱে চিপ লাগি থকা অৱস্থাত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (dead body recovered at Rangia )৷ বৃহস্পতিবাৰে পুৱা তুলসীবাৰী আৰক্ষী চকীৰ সমীপৰ সংৰক্ষিত বনাঞ্চলৰ মাজত উদ্ধাৰ হৈছে দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীৰ মৃতদেহ (Student dead body recovered)৷

ঘটনা অনুসৰি, সংৰক্ষিত বনাঞ্চলৰ ঘন জংঘলৰ মাজত কিশোৰজনক চিপ লাগি থকা অৱস্থাত দেখি স্থানীয় লোকে হুৱা-দুৱাৰ সৃষ্টি কৰে ৷ লগে লগে স্থানীয় লোকে কিশোৰজনক চিনি পাই ঘৰৰ পৰিয়ালক খবৰ দিয়াৰ উপৰিও তুলসীবাৰী আৰক্ষীক খবৰ দিয়ে ৷ পৰিয়ালৰ লোকে নিজ পুত্ৰই এনে ঘটনা সংঘটিত কৰা দেখি আচৰিত হৈ পৰে ৷  

এই খবৰ বিয়পি পৰাৰ পিচতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে তুলসীবাৰী অঞ্চলত ৷ মৃত কিশোৰগৰাকী তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল ৷ তুলসীবাৰী বজাৰৰ সমীপৰ নিবাসী ওৰু দে’ আৰু ৰাণু দে’ৰ প্ৰথম পুত্ৰ প্ৰশান্ত দে’ ৷

মৃত প্ৰশান্ত এগৰাকী প্ৰতিভাৱান শিল্পী আছিল ৷ শিল্পীগৰাকীয়ে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি নিজৰ পৰিয়ালটোক কিছু পৰিমাণে হ'লেও সকাহ দি আহিছিল ৷ পুত্ৰৰ মৃত্যুত শোকত ভাগি পৰিছে পিতৃ-মাতৃ তথা আত্মীয়সকল । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ মৰোণোত্তৰ পৰীক্ষাৰ পিচতহে এই ঘটনা হত্যা নে আত্মহত্যা পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷  

উল্লেখ্য যে, শেহতীয়াকৈ কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে (Union Minister for Labour and Employment) লোকসভাত এক তথ্য প্ৰকাশ কৰি কয় যে, ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত সমগ্ৰ ভাৰতত ৪,৫৬,২০৮ জন লোকে আত্মহত্যা কৰিছে ৷ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ (National Crime Records Bureau) ৰ তথ্য অনুসৰি  2019 , 2020 আৰু 2021 চনৰ এই তিনিটা বছৰত আত্মহনন কৰি মুঠ মৃত্যুৰ সংখ্যা হৈছে ৬৪,৫৩১ গৰাকী । 

লগতে পঢ়ক:Suicide Cases in India : দেশত ৩ বছৰত চাৰে চাৰিলাখৰো অধিক আত্মহত্যাৰ ঘটনা

ABOUT THE AUTHOR

...view details