ETV Bharat / bharat

Suicide Cases in India : দেশত ৩ বছৰত চাৰে চাৰিলাখৰো অধিক আত্মহত্যাৰ ঘটনা

author img

By

Published : Feb 13, 2023, 4:53 PM IST

Suicide Cases in India
দেশত ৩ বছৰত চাৰে চাৰিলাখৰো অধিক আত্মহত্যা

কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, কৃষি খণ্ডৰ সৈতে জড়িত মুঠ ৩১,৮৩৯ জন লোকৰ আত্মহত্যাৰ ফলত মৃত্যু হয় । আনহাতে, ২০১৯ চনত এনে ধৰণেৰে ১০,২৮১ জন, ২০২০ চনত ১০,৬৭৭ জন আৰু ২০২১ চনত ১০,৮৮১ জন লোকৰ মৃত্যু হয় (suicide cases in India between 2019 and 2021) ।

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতত আত্মহত্যাৰ ফলত প্ৰায় ৪,৫৬,২০৮ জন লোকৰ মৃত্যু হৈছে । চৰকাৰে সোমবাৰে লোকসভাত এই তথ্য প্ৰকাশ কৰে (Government informed suicide cases in Lok Sabha) । লগতে কোৱা হৈছে যে উক্ত সময়সীমাৰ ভিতৰত আত্মহত্যাৰ ফলত মৃত্যু হোৱা লোকৰ সৰ্বাধিক সংখ্যা হৈছে দিনহাজিৰা কৰা শ্ৰমিক (112,233) আৰু তাৰ পিচত গৃহিণী (66,912) আৰু অন্যান্য ব্যক্তি (64,531) ।

কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে (Union Minister for Labour and Employment) তামিলনাডুৰ কংগ্ৰেছ সাংসদৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰিছে । সাংসদ থিৰুনাভুক্কাৰাচাৰে জানিব বিচাৰিছিল যে বিগত কেইবছৰমানত আত্মহত্যাৰ ফলত মৃত্যু হোৱাসকলৰ ভিতৰত দৈনিক মজুৰি কৰা লোক আটাইতকৈ বেছি নেকি ?

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ (National Crime Records Bureau, NCRB) উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, 2019-2021 চনৰ ভিতৰত মুঠ 112,233 গৰাকী গৃহিণীৰ আত্মহত্যাৰ ফলত মৃত্যু হৈছে । ইয়াৰে ভিতৰত 2019 চনত 21,359 গৰাকী, 2020 চনত 22,374 আৰু 2021 চনত 231,79 গৰাকীৰ মৃত্যু হয় । আহাতে, এই তিনিটা বছৰত অন্যান্য ব্যক্তিৰ মুঠ মৃত্যুৰ সংখ্যা হৈছে ৬৪,৫৩১ গৰাকী । ইয়াৰে ভিতৰত 2019 চনত 20,441 গৰাকী, 2020 চনত 20,543 গৰাকী আৰু 2021 চনত 23,547 গৰাকীৰ আত্মহত্যাৰ ফলত মৃত্যু হয় ।

উল্লেখ্য, প্ৰকাশিত তথ্যবোৰে কৃষি খণ্ডৰ সৈতে জড়িত ব্যক্তি আৰু নিবনুৱাসকলৰ সংকটজনক অৱস্থাও প্ৰকাশ কৰিছে (critical condition of persons involving farming sector) । তথ্য অনুসৰি, এই সময়ছোৱাত কৃষি খণ্ডৰ সৈতে জড়িত মুঠ 31,839 জন লোকে আত্মহত্যাৰ দ্বাৰা মৃত্যুবৰণ কৰে । ইয়াৰে ভিতৰত 2019 চনত এনে ধৰণৰ 10,281 জন, 2020 চনত 10,677 জন আৰু 2021 চনত 10,881 জন লোকৰ মৃত্যু হৈছিল । আনহাতে, নিবনুৱাসকলৰ ক্ষেত্ৰত 2019 চনত 14,019 জন, 2020 চনত 15,652 জন আৰু 2021 চনত 13,714 জন লোকে আত্মহত্যা কৰাৰ ফলত মুঠ 43,385 জন লোকৰ মৃত্যু হয় ।

দিনহাজিৰা কৰাসকলক আত্মহত্যাৰ পৰা সুৰক্ষিত কৰিবলৈ আৰু তেওঁলোকৰ জীৱিকা উন্নত কৰাৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে, "অসংগঠিত শ্ৰমিক সামাজিক সুৰক্ষা আইন, ২০০৮ (Social Security Act 2008) অনুসৰি চৰকাৰে (i) জীৱন আৰু অক্ষমতা ক'ভাৰ, (ii) স্বাস্থ্য আৰু মাতৃত্বকালীন লাভালাভ, (iii) বৃদ্ধ বয়সৰ সুৰক্ষা আৰু (iv)কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিব পৰা আন যিকোনো লাভালাভ সম্পৰ্কীয় বিষয়ত উপযুক্ত কল্যাণমূলক আঁচনি প্ৰস্তুত কৰি দিনহাজিৰা কৰা শ্ৰমিকসহ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক সামাজিক সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।"

তেওঁ কেন্দ্ৰীয় আঁচনি যেনে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY) আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY), আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (ABPMJAY) আদি কেন্দ্ৰীয় আঁচনিসমূহৰ বিষয়েও অৱগত কৰে, যিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনি/কল্যাণ আঁচনিসমূহ অসংগঠিত আৰু আনসকলক প্ৰদান কৰাত সহায় কৰে ।

আত্মহত্যা এটা সমাধান নহয়

যদি আপোনাৰ আত্মহত্যাৰ চিন্তা আছে, বা বন্ধুৰ বিষয়ে চিন্তিত বা আৱেগিক সমৰ্থনৰ প্ৰয়োজন, তেনেহ'লে সেই কথা শুনিবলৈ কোনোবা সদায়ে ৰৈ থাকে । ইয়াৰ বাবে স্নেহা ফাউণ্ডেচনলৈ (Sneha Foundation) ফোন কৰক, 04424640050 (available 24x7) বা আইকল, টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠানৰ হেল্পলাইন, 9152987821 লৈও ফোন কৰিব পাৰে । সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা 8 বজাৰ পৰা নিশা 10 বজালৈ এই সেৱা উপলব্ধ ।

লগতে পঢ়ক :New Supreme Court judge: উচ্চতম ন্যায়ালয়ত শপত ল’লে দুগৰাকী নতুন ন্যায়াধীশে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.