অসম

assam

Tea Employees Provident Fund: চাহ শ্ৰমিক কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ সন্দৰ্ভত আলোচনা, মন্ত্ৰী সঞ্জয় কিষাণৰ অংশগ্ৰহণ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 8:10 PM IST

চাহ শ্ৰমিক-কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ সন্দৰ্ভত আলোচনা

তিনিচুকীয়া, ৯ অক্টোবৰ: চাহ শ্ৰমিকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰখাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ ৷ এই সন্দ্ৰভত অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ অধীনত তথা অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন, তিনিচুকীয়া মণ্ডল কাৰ্যালয়ৰ উদ্যোগত সোমবাৰে তিনিচুকীয়াত এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উক্ত কাৰ্যসূচীৰ অংশ হিচাবে জিলাখনৰ ১২২ খন চাহ বাগিচাৰ পৰিচালকৰ উপস্থিতিত তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত কনভেনচন চেন্টাৰত 'The Assam Gratuity Act, 1992'ৰ বিষয়ত আয়োজিত সজাগতা সভা তথা বাৰ্তালাপ অনুষ্ঠানত উপস্থিত থাকে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ৷ 

অনুষ্ঠানটোত চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁলোক সন্মুখীন হোৱা সমস্যাসমূহৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ কাৰ্যসূচীত ভৱিষ্যনিধিৰ অতিৰিক্ত আয়ুক্ত অঞ্জন দাস, ভৱিষ্যনিধিৰ অতিৰিক্ত আয়ুক্ত জয়ন্ত চাংমাই, ভৱিষ্যনিধিৰ উপায়ুক্ত প্ৰীতি দাস, অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ সদস্য এছ লোহিয়া, শ্ৰম আয়ুক্ত ভাস্কৰ মিলি, তিনিচুকীয়া মণ্ডল কাৰ্যালয়ৰ ভৱিষ্যনিধিৰ সহকাৰী আয়ুক্ত মৃদুল হুছেইনকে ধৰি বহুকেইগৰাকী লোক উপস্থিত থাকে ।

লগতে পঢ়ক :Tea labour protest: মজুৰি বৃদ্ধিৰ দাবীত টীয়কত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details