ETV Bharat / state

Tea labour protest: মজুৰি বৃদ্ধিৰ দাবীত টীয়কত চাহ শ্ৰমিকৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:47 PM IST

টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ ৷ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ শ শ চাহ শ্ৰমিকৰ ৷ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ ৷

Protest at Teok
মজুৰি বৃদ্ধিৰ দাবীত টীয়কত চাহ শ্ৰমিকৰ প্ৰতিবাদ

মজুৰি বৃদ্ধিৰ দাবীত টীয়কত চাহ শ্ৰমিকৰ প্ৰতিবাদ

টীয়ক, 9 অক্টোবৰ : চাহ শ্ৰমিকক কেৱল অন্তঃৱৰ্তীকালীন সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে নেকি চৰকাৰে ! কাৰণ দীৰ্ঘদিনৰ পৰা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আন্দোলন কৰাৰ পাচতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ সেয়ে সোমবাৰে টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত শতাধিক চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ টীয়ক শাখাৰ উদ্যোগত শতাধিক শ্ৰমিকে মজুৰি বৃদ্ধিৰ দাবীত ৰাজপথলৈ ওলাই আহে ৷ উল্লেখ্য যে, 2018 চনতে শ্ৰম আয়ুক্তই দাখিল কৰা 351.33 টকা মজুৰি বৃদ্ধিৰ প্ৰস্তাৱ বিজেপি চৰকাৰে কাৰ্যকৰী নকৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷

টীয়কৰ বলমা তিনিআলিৰ পৰা প্ৰায় শতাধিক চাহ শ্ৰমিকে চৰকাৰী বিৰোধী শ্ল'গানেৰে ৰেলী কৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । লগতে অনতি পলমে চাহ শ্ৰমিকৰ মজুৰি 555 টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনায় ।

‘‘পূৰ্বে নিৰ্ধাৰিত মজুৰি বৃদ্ধিৰ বাবে শ্ৰম আয়ুক্ত আৰু চৰকাৰৰ উমৈহতীয়া আলোচনা মৰ্মে মজুৰি কিছু বৃদ্ধি কৰিছিল যদিও সেয়া বৰ্তমানৰ চৰকাৰে আজিও সন্দেহজনকভাৱে কাৰ্যকৰী নকৰিলে ৷ কেৱল অন্তঃৱৰ্তীকালীন এক ন্যূনতম সাহাৰ্য প্ৰদান কৰিয়েই শ্ৰমিকসকলক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি আহিছে ।’’ এই মন্তব্য অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ নেতাৰ ৷

আনহাতে চাহ কোম্পানীৰ মালিকপক্ষৰ সৈতে গোপন বুজাবুজিৰে বহুসময়ত তেওঁলোকৰ কৰ মাফ কৰি আহিছে ৷ প্ৰকৃতাৰ্থত চৰকাৰখনে শ্ৰমিকসকলৰ মজুৰিকে ধৰি স্বাস্থ্য, খোৱাপানী, ৰাস্তা-পদুলি আদি সুবিধাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ তুলিছে শ্ৰমিকসকলে । সেয়ে এইসমূহ সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷ ইফালে প্ৰতিবাদীসকলে ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Tense Situation at Mariani: 14 নহয় 20 শতাংশ বোনাচৰ দাবীত উত্তপ্ত মৰিয়নীৰ কাকজান চাহ বাগিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.