ETV Bharat / state

Tense Situation at Mariani: 14 নহয় 20 শতাংশ বোনাচৰ দাবীত উত্তপ্ত মৰিয়নীৰ কাকজান চাহ বাগিচা

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 4:34 PM IST

Updated : Oct 7, 2023, 4:45 PM IST

মৰিয়নীৰ কাকজান চাহ বাগিচাত বোনাচক লৈ উত্তপ্ত পৰিস্থিতি ৷ শ্ৰমিকৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন বাগিচাৰ মুখ্য পৰিচালক আৰু সহ-পৰিচালকৰ ।

Tense Situation at Mariani
14 নহয় 20 শতাংশ বোনাচ প্ৰদানৰ দাবীত উত্তপ্ত মৰিয়নী কাকজান চাহ বাগিচা

14 নহয় 20 শতাংশ বোনাচ প্ৰদানৰ দাবীত উত্তপ্ত মৰিয়নী কাকজান চাহ বাগিচা

যোৰহাট,7 অক্টোবৰ : সমাগত শাৰদীয় দুৰ্গোৎসৱ ৷ পূজাৰ বোনাচক লৈ অপেক্ষাৰত বাগানৰ শ্ৰমিকসকল ৷ কাৰণ দুৰ্গা পূজাৰ প্ৰাকক্ষণত চাহ শ্ৰমিকক বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰে পূজাৰ বোনাচ ৷ কিন্তু পূজাৰ বোনাচৰ বাবে বহু আশাৰে বাট চাই থকা চাহ শ্ৰমিকক প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে মৰিয়নীত ৷

শনিবাৰে মৰিয়নীৰ কাকজান চাহ বাগিচাত বোনাচাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বাগিচাৰ কৰ্তৃপক্ষই প্ৰতাৰণাৰ অভিযোগ তুলি প্ৰতিবাদত সব্যস্ত কৰে বাগিচাখনৰ শ্ৰমিকসকলে ৷ অভিযোগ অনুসৰি, মৰিয়নীস্থিত কাকজান চাহ বাগিচা কৰ্তৃপক্ষই প্ৰথম অৱস্থাত 14 শতাংশ বোনাচ দিয়াৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু বাগিচা কৰ্তৃপক্ষই ঘোষণা কৰা বোনাচৰ বিপৰীতে 20 শতাংশ বোনাচ প্ৰদানৰ দাবীত শ্ৰমিকসকলে উত্তপ্ত পৰিস্থিতৰ সৃষ্টি কৰে ৷

ইফালে প্ৰতিবাদকাৰী শ্ৰমিকসকলে বাগিচাৰ কলঘৰ আৰু কাৰ্যালয় ঘেৰাও কৰে ৷ শ্ৰমিকৰ ক্ষোভ আৰু উত্তেজিত ৰূপ দেখি বাগিচাৰ পৰা পলায়ন কৰে বাগিচাখনৰ মুখ্য পৰিচালক, সহ-পৰিচালক আৰু অন্যান্য কৰ্মচাৰীসকল ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত মৰিয়নী আৰক্ষী আৰু চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰে ৷

‘‘আমি প্ৰতি বছৰে 20 শতাংশ পূজাৰ বোনাচ পাই আহিছোঁ ৷ কিন্তু বাগিচাৰ মুখ্য পৰিচালক, সহ-পৰিচালক দালাল ৷ তেওঁলোকে দামী দামী গাড়ী পায় ৷ কিন্তু আমি দুখীয়া ৰাইজ ৷ সেয়ে আমাক মানুহ বুলি গণ্য নকৰে ৷ আমি কৰা কষ্টৰ ফল নাপাওঁ ৷ পূজাৰ সময়ত ল’ৰা-ছোৱালীক কেনেকৈ কাপোৰ কিনি দিম ! কিমান কষ্টত ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিব লাগে তেওঁলোকে কি বুজিব !’’ এই মন্তব্য প্ৰতিবাদকাৰী শ্ৰমিকৰ ৷

লগতে পঢ়ক:Protest in Teok :অংগনৱাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদত উত্তাল টীয়ক

Last Updated : Oct 7, 2023, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.