Protest in Teok :অংগনৱাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদত উত্তাল টীয়ক

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 1:58 PM IST

thumbnail

টীয়ক, ৬ অক্টোবৰ:অংগনৱাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া,মজুৰিৰ সলনি দৰমহা দিয়া,গ্ৰেচ্য়ুৱিটি,অৱসৰপ্ৰাপ্ত কৰ্মী, সহায়িকা তথা কনিষ্ট কৰ্মীক এককালীন সাহায্য়ৰ ধন অহা ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াকে ধৰি কেইবাটাও দাবীৰে সমগ্ৰ অসমতে অংগনৱাড়ী কৰ্মী সহায়িকাই ৩ ৰ পৰা ৭ অক্টোবৰলৈ নিজ নিজ প্ৰকল্পৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছে । টীয়কতো শুক্ৰবাৰে প্ৰায় দুই শতাধিক অংগনৱাড়ী কৰ্মী সহায়িকাই কলিয়াপানী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে কয় যে বাৰম্বাৰ আলোচনাৰ পাছতো এইসকল শিশু জীৱনৰ আদিপাঠ শিক্ষণত জড়িত এইসকল কৰ্মচাৰীৰ কোনো দাবীয়ে এই পৰ্যন্ত চৰকাৰে মানি লোৱা নাই । বৰঞ্চ প্ৰতিশ্ৰুতি ওপৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিয়েই ন্য়ূনতম পাৰিতোষিকেৰে চৰকাৰী সকলো কাম-কাজ চলাই আহিছে । যাক লৈ এতিয়া সকলো ক্ষুব্ধ হৈ পৰিছে । অতি সোনকালে এইসকল অংগনৱাড়ী কৰ্মী সহায়িকাৰ দাবী চৰকাৰক পূৰ্ণ কৰিবলৈ দাবী জনাই এই কাৰ্যসূচী গ্ৰহণ কৰিছে । যদি ইয়াৰ পাছতো কোনো সুফল নাপাই তেন্তে অহা নিৰ্বাচন অসমৰ সকলো অংগনৱাড়ী কৰ্মী সহায়িকাই বৰ্জন কৰিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:TMC joining program; উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত TMC ৰ আশীৰ্বাদ অবিহনে কোনেও মুখ্য কাৰ্যবাহী সদস্য হ’ব নোৱাৰিব : আচিং জেমি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.